
নাইচ (ফ্ৰান্স), ১৪ জুন (হি.স.)। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া নিৰ্বাচিত প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনায়। তেওঁ কয় যে এই দীঘলীয়া যাত্ৰাই প্ৰধানমন্ত্ৰী মোডীৰ দৃঢ়তা আৰু ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিক প্ৰদৰ্শন কৰে।
ফ্ৰান্সৰ নাইচত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতি মেক্ৰনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অভিনন্দন জনাই দিয়া বাৰ্তাত কয় যে, এয়া এক দীঘলীয়া যাত্ৰা যিয়ে আপোনাৰ দৃঢ়তা আৰু আপোনাৰ দেশৰ শক্তিক প্ৰতিফলিত কৰে; ই সঁচাকৈয়ে উল্লেখযোগ্য। গতিকে আপোনাক আমাৰ মাজত পাই আমি অতি গৌৰৱান্বিত।
উল্লেখযোগ্য যে জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফ্ৰান্সত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুয়োখন দেশৰ শীৰ্ষ নেতাসকলে এই বিশ্বব্যাপী মঞ্চত দ্বিপাক্ষিক সম্পৰ্ক আৰু কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰাৰ কথা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া