ভাৰতৰ উন্নয়ন যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰিত ফ্ৰান্সৰ বিনিয়োগকাৰীঃ প্ৰধানমন্ত্ৰী মোডী
নাইচ (ফ্ৰান্স), ১৪ জুন (হি.স.)। ভাৰত আৰু ফ্ৰান্সৰ মাজত উদযাপন কৰা উদ্ভাৱনৰ বছৰ(ইয়াৰ অফ ইনোভেচন)ৰ অংশ হিচাপে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে যৌথভাৱে ভাৰত ইনোভেটচ কাৰ্যসূচী উদ্বোধন কৰে। এই অনুষ্ঠানৰ
फ्रांस के नीस शहर में आयोजित 'भारत इनोवेट्स 2026' कार्यक्रम से इतर प्रमुख निवेशकों और वेंचर कैपिटल प्रतिनिधियों के साथ बैठक के दौरान प्रधानमंत्री नरेन्द्र मोदी।


নাইচ (ফ্ৰান্স), ১৪ জুন (হি.স.)। ভাৰত আৰু ফ্ৰান্সৰ মাজত উদযাপন কৰা উদ্ভাৱনৰ বছৰ(ইয়াৰ অফ ইনোভেচন)ৰ অংশ হিচাপে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে যৌথভাৱে ভাৰত ইনোভেটচ কাৰ্যসূচী উদ্বোধন কৰে। এই অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ আগশাৰীৰ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেল প্ৰতিনিধিৰ সৈতেও সাক্ষাৎ কৰি ভাৰতত বিনিয়োগৰ সুযোগ সন্দৰ্ভত আলোচনা কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ধাৰাবাহিকভাৱে পোষ্ট কৰি কাৰ্যসূচী আৰু বৈঠকৰ সবিশেষ শ্বেয়াৰ কৰে। ৰাষ্ট্ৰপতি মেক্ৰনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ লিখিছে, মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰন, নাইচত আপোনাক পুনৰ লগ পাই বৰ ভাল লাগিল। আমাৰ দুয়োখন দেশে একেলগে উদ্ভাৱনৰ বছৰ উদযাপন কৰাৰ সময়ত ভাৰত ইনোভেটচ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছো।

আন এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে বিনিয়োগকাৰীৰ সৈতে হোৱা বৈঠকক অতি সমৃদ্ধিশালী আৰু দূৰদৰ্শী বুলি অভিহিত কৰে। তেওঁ লিখিছে যে ভাৰত ইনোভেটছ ২০২৬ত হোৱা আলোচনাবোৰ অতি তথ্যসমৃদ্ধ আছিল। তেওঁ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলৰ নেতাসকলৰ সৈতে উদ্ভাৱন, প্ৰযুক্তি, উৎপাদন আৰু উদীয়মান খণ্ডত ভাৰতে আগবঢ়োৱা অপৰিসীম সুযোগৰ বিষয়ে কথা পাতিছিল।

ভাৰতক বিনিয়োগৰ আকৰ্ষণীয় গন্তব্যস্থান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে, ভাৰতৰ বৃদ্ধিৰ যাত্ৰা দেশৰ প্ৰতিভা, পৰিসৰ, স্থিতিশীলতা, আৰু চলি থকা সংস্কাৰৰ দ্বাৰা পৰিচালিত। এই গুণসমূহে ভাৰতক বিশ্বব্যাপী বিনিয়োগ আৰু উদ্ভাৱনৰ বাবে এক পছন্দৰ আৰু আকৰ্ষণীয় গন্তব্যস্থান কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে এই বাৰ্তা ফৰাচী ভাষাতো এক্সত শ্বেয়াৰ কৰে।

তিনিদিনীয়া এই অনুষ্ঠানত ১২০টা আগশাৰীৰ ভাৰতীয় ষ্টাৰ্টআপ আৰু ২০টাতকৈও অধিক প্ৰিমিয়াৰ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে, য’ত বিশ্বৰ গুৰুত্বপূৰ্ণ ১৩টা মূল প্ৰযুক্তি স্তম্ভৰ মাজেৰে ভাৰতৰ ডিপ-টেক সামৰ্থ্য প্ৰদৰ্শন কৰা হৈছে। এই অনুষ্ঠানত বিশ্বৰ ৩৫০ জনতকৈ অধিক শীৰ্ষ বিনিয়োগকাৰী আৰু ভেঞ্চাৰ কেপিটেলিষ্টে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কোৱাণ্টাম কম্পিউটিং, অৰ্ধপৰিবাহী, জৈৱ প্ৰযুক্তি, প্ৰতিৰক্ষা, মহাকাশ, আৰু স্বচ্ছ শক্তিৰ দৰে অত্যাধুনিক খণ্ডৰ ষ্টাৰ্টআপ আৰু উদ্ভাৱকৰ সৈতেও পোনপটীয়াকৈ মত বিনিময় কৰে।

অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিৰাপত্তা আৰু স্থিতিশীলতাক প্ৰসাৰিত কৰা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট (আই এছ এ), কৃত্ৰিম বুদ্ধিমত্তা (এ আই), আৰু ভাৰত-ফ্ৰান্সৰ যৌথ পদক্ষেপৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে গ্ৰাম্য উন্নয়নৰ বাবে উপগ্ৰহ প্ৰযুক্তিৰ পৰিৱৰ্তনশীল সম্ভাৱনা, বহনক্ষম জীৱন-যাপনৰ বাবে উন্নত উৎপাদন, আৰু স্বচ্ছ বৃদ্ধিৰ বাবে সেউজ হাইড্ৰ’জেন আৰু বৈদ্যুতিক গতিশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা উদ্যোগী আৰু বিনিয়োগকাৰীসকলক এনে প্ৰযুক্তি বিকাশৰ বাবে আহ্বান জনায় যিবোৰ নিৰ্ভৰযোগ্য, সৰ্বাংগীন আৰু মানৱকেন্দ্ৰিক। তেওঁ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে যে ষ্টাৰ্টআপসমূহৰ মূল্যায়ন কেৱল বজাৰৰ মূল্যায়নৰ দ্বাৰাই নহয়, মানৱতাৰ ওপৰত ইয়াৰ ইতিবাচক প্ৰভাৱৰ দ্বাৰাও কৰা উচিত। তেওঁ বিশ্ব জনগোষ্ঠীক ভাৰতৰ সৈতে হাত মিলাই বিশ্ব উদ্ভাৱনৰ এই নতুন অধ্যায়টো সহ-সৃষ্টি কৰিবলৈ আমন্ত্ৰণ জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande