চাৰিদিনীয়া ভ্ৰমণৰ বাবে বেইজিঙত উপস্থিত নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানাল
কাঠমাণ্ডু, ১৪ জুন (হি.স.)। নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানাল চীনৰ সমকক্ষ ৱাং য়ীৰ আমন্ত্ৰণত চাৰিদিনীয়া আনুষ্ঠানিক ভ্ৰমণত চীনত উপস্থিত হৈছে । আজি পুৱা তেওঁ চীন অভিমুখে ৰাওনা হয়। বেইজিঙত থকা নেপালৰ দূতাবাসৰ তথ্য অনুসৰি আজি স্থানীয় সময় অনুসৰি বি
बीजिंग पहुंचे नेपाल के विदेश मंत्री शिशिर खनाल


কাঠমাণ্ডু, ১৪ জুন (হি.স.)। নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানাল চীনৰ সমকক্ষ ৱাং য়ীৰ আমন্ত্ৰণত চাৰিদিনীয়া আনুষ্ঠানিক ভ্ৰমণত চীনত উপস্থিত হৈছে । আজি পুৱা তেওঁ চীন অভিমুখে ৰাওনা হয়।

বেইজিঙত থকা নেপালৰ দূতাবাসৰ তথ্য অনুসৰি আজি স্থানীয় সময় অনুসৰি বিয়লি চীনৰ ৰাজধানী বেইজিঙত উপস্থিত হয় মন্ত্ৰী খানাল। বিমানবন্দৰত তেওঁক আদৰণি জনায় চীনত থকা নেপালৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত ৰোশন খানাল আৰু চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ বিষয়াসকলে । আজি সন্ধিয়া বেইজিঙত থকা নেপাল দূতাবাসৰ উদ্যোগত বৈদেশিক মন্ত্ৰীগৰাকীৰ সন্মানত এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । দূতাবাসে উল্লেখ কৰে যে এই অনুষ্ঠানৰ সময়ত মন্ত্ৰী খানালে নেপালী সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব।

এই ভ্ৰমণৰ সময়ত মন্ত্ৰী খানাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ মাজত দ্বিপাক্ষিক আলোচনাৰ কথা। আলোচনাত নেপাল-চীনৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক সহযোগিতা সম্প্ৰসাৰণৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব। বৈদেশিক মন্ত্ৰীগৰাকীয়ে চীনৰ উচ্চপদস্থ বিষয়াৰ সৈতেও পৃথক পৃথক বৈঠকত মিলিত হোৱাৰ কথা।

এই ভ্ৰমণৰ সময়ত বৈদেশিক মন্ত্ৰীগৰাকীয়ে বেইজিঙত থকা নেপালৰ দূতাবাসৰ উদ্যোগত, নেপাললৈ বিদেশী বিনিয়োগক আকৰ্ষণ কৰাৰ লক্ষ্যৰে আয়োজন কৰা বিনিয়োগ সন্মিলনতো অংশগ্ৰহণ কৰিব । চীনৰ উদ্যোগীসকলৰ সৈতেও সাক্ষাৎ আৰু মত বিনিময় কৰিব। অহা ১৬ জুলাইত স্বদেশলৈ উভতি আহিব বৈদেশিক মন্ত্ৰী খানাল ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande