
নতুন দিল্লী, ১৪ জুন (হি.স.)। ভাৰতীয় পুৰুষ হকী দলৰ অভিজ্ঞ মিডফিল্ডাৰ মনপ্ৰীত সিঙে ভাৰতীয় হকীৰ ইতিহাসত আন এক সোণালী অধ্যায় সংযোজন কৰিছে। নেদাৰলেণ্ডৰ ৰটাৰডেমত অনুষ্ঠিত হোৱা এফ আই এইচ পুৰুষৰ প্ৰ’ লীগ মেচত খেলপথাৰত অৱতীৰ্ণ হোৱাৰ লগে লগে তেওঁ ভাৰতীয় হকী কিংবদন্তি তথা হকী ইণ্ডিয়াৰ সভাপতি দিলীপ টিৰ্কিৰ হাতত থকা ৪১২খন আন্তঃৰাষ্ট্ৰীয় মেচৰ অভিলেখৰ সমান কৰে।
এই সাফল্যৰ জৰিয়তে মনপ্ৰীতে যৌথভাৱে ভাৰতীয় হকী ইতিহাসত সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় কেপ কৰা খেলুৱৈৰ তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সক্ৰিয় খেলুৱৈৰ ভিতৰত তেওঁ ৪০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় খেল অৰ্জন কৰা একমাত্ৰ খেলুৱৈ।
এই ঐতিহাসিক কৃতিত্বৰ বাবে মনপ্ৰীতক অভিনন্দন জনাই হকী ইণ্ডিয়াৰ সভাপতি দিলীপ তিৰ্কীয়ে কয় যে এই কৃতিত্ব তেওঁৰ বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, নিষ্ঠা, আৰু ধাৰাবাহিক উৎকৰ্ষতাৰ প্ৰমাণ। তেওঁ আশা প্ৰকাশ কৰে যে মনপ্ৰীতে ভাৰতীয় হকীৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই যাব আৰু বহু নতুন অভিলেখ গঢ়িব।
হকী ইণ্ডিয়াৰ মহাসচিব ভোলানাথ সিঙেও মনপ্ৰীতৰ এই কৃতিত্বৰ প্ৰশংসা কৰি কয় যে ভাৰতীয় দলৰ সৈতে তেওঁৰ যাত্ৰা যুৱ খেলুৱৈৰ বাবে প্ৰেৰণাৰ উৎস। তেওঁ লগতে কয় যে তেওঁৰ হেঁচাত উজ্জ্বল প্ৰদৰ্শন কৰাৰ ক্ষমতা আৰু এজন জ্যেষ্ঠ খেলুৱৈ হিচাপে তেওঁৰ নেতৃত্বই ভাৰতীয় হকীৰ নতুন পৰিচয় বিশ্বজুৰি প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া