
মৰেনা, ১৪ জুন (হি.স.)। মধ্য প্ৰদেশৰ মৰেনা জিলাৰ হেতামপুৰ ষ্টেচনৰ সমীপত দেওবাৰে সন্ধিয়া ৰে’লৰ খুন্দাত চাৰিজন যাত্ৰী নিহত হয়। জানিব পৰা মতে, অগ্নিকাণ্ডৰ উৰাবাতৰি উদয়পুৰ ইন্টাৰচিটি এক্সপ্ৰেছৰ পৰা নামি অহা চাৰিজন যাত্ৰীক আন এখন ৰে’লে খুন্দা মাৰে। নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু এটা শিশুও আছে।
কোৱা হৈছে যে ১৯৬৬৫ নম্বৰৰ ৰে’ল উদয়পুৰ ইন্টাৰচিটি এক্সপ্ৰেছ খন মৰেনাৰ পৰা ঢোলপুৰলৈ দেওবাৰে সন্ধিয়া প্ৰায় ৪ বজাত ৰাওনা হৈছিল । ৰে’লখন হেতামপুৰ আৰু ঘেৰ ৰে’ল ষ্টেচনৰ মাজত থকাৰ সময়তে অগ্নিকাণ্ডৰ উৰাবাতৰি বিয়পি পৰাত যাত্ৰীসকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। আতংকিত একাংশ যাত্ৰীয়ে শিকলি টানি ৰে’লখন ৰখাই ৰে’লপথত নামি পৰে। ইফালে বিপৰীত দিশৰ পৰা অহা পাতলকোট এক্সপ্ৰেছৰ খুন্দাত তিনিগৰাকী মহিলা আৰু এটি শিশুৰ থিতাতে মৃত্যু হয়।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ততাতৈয়াকৈ ৰাইজে ৰে’ল বিভাগৰ বিষয়া আৰু আৰক্ষীক খবৰ দিয়ে। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে জি আৰ পি, আৰ পি এফ আৰু স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা দখল কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতকৰ চিনাক্তকৰণ আৰু পৰিয়ালক অৱগত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
এই ঘটনাৰ ফলত দিল্লী-মুম্বাই ৰে’লপথত ৰে’ল যাতায়ত ব্যাহত হৈছে। ৰেলৱে আৰু প্ৰশাসনিক দলসমূহে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। বিষয়াসকলে কয় যে বিষয়টোৰ তদন্ত চলি আছে।
ৰে’লখনৰ এজন যাত্ৰীয়ে খবৰ দিলে যে কোনোবাই হঠাতে শিকলিডাল টানি চিঞৰিলে, জুই লাগিছে, জুই লাগিছে। লগে লগে মানুহে নামিবলৈ ধৰিলে। যাত্ৰীসকলে ট্ৰেক পাৰ হৈ যোৱাৰ সময়তে পাটলকোট এক্সপ্ৰেছখন ওচৰ চাপি আহিছিল। ইয়াৰ ফলত একাংশ লোকক ৰে’লখনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া