১২ বছৰত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক ৬১ শতাংশ সম্প্ৰসাৰণ: কেন্দ্ৰ
নতুন দিল্লী, ১৪ জুন (হি.স.)। দেশত বিগত ১২ বছৰত আন্তঃগাঁথনি উন্নয়ন আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ ক্ষেত্ৰত দেশত অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে। ২০১৪ চনত প্ৰায় ৯১,২৮৭ কিলোমিটাৰ পথৰ নেটৱৰ্ক ২০২৫-২৬ বিত্তীয় বৰ্ষত ৬১ শতাংশ বৃদ্ধি পাই ১,৪৬,৫৭
केंद्रीय सड़क परिवहन और राजमार्ग मंत्रालय की ओर से जारी ‘मेगा एक्सप्रेसवे और राष्ट्रीय राजमार्ग नेटवर्क’ के विकास को दर्शाता हुआ एक सांकेतिक चित्र। पिछले 12 वर्षों में देश का राष्ट्रीय राजमार्ग नेटवर्क 61 प्रतिशत बढ़कर 1,46,572 किलोमीटर से अधिक हो चुका है।


নতুন দিল্লী, ১৪ জুন (হি.স.)। দেশত বিগত ১২ বছৰত আন্তঃগাঁথনি উন্নয়ন আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ ক্ষেত্ৰত দেশত অভূতপূৰ্ব পৰিৱৰ্তন দেখা গৈছে। ২০১৪ চনত প্ৰায় ৯১,২৮৭ কিলোমিটাৰ পথৰ নেটৱৰ্ক ২০২৫-২৬ বিত্তীয় বৰ্ষত ৬১ শতাংশ বৃদ্ধি পাই ১,৪৬,৫৭২ কিলোমিটাৰৰ ওপৰত হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ এই দ্ৰুত সম্প্ৰসাৰণে দেশৰ অৰ্থনৈতিক অগ্ৰগতি ত্বৰান্বিত কৰিছে আৰু মাল পৰিবহণৰ খৰচো হ্ৰাস কৰিছে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা অনুসৰি ২০১৩-১৪ চনত প্ৰতিদিনে ১১.৬ কিলোমিটাৰ পথ নিৰ্মাণৰ গড় গতি ২০২৫ চনৰ ভিতৰত প্ৰতিদিনে প্ৰায় ৩৪ কিলোমিটাৰলৈ বৃদ্ধি পাব।

মন্ত্ৰালয়ে উল্লেখ কৰিছে যে আই আই এম বাংগালুৰুৰ এক অধ্যয়ন অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ ফলত কাৰখানালৈ যোৱাৰ সুবিধা হৈছে, যাৰ ফলত পৰিবহণ ব্যয় বহু পৰিমাণে হ্ৰাস পাইছে। ইয়াৰ উপৰিও ফ্লেগশ্বিপ ভাৰতমালা প্ৰকল্পৰ অধীনত ৩৪,৮০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ কৰিডৰ উন্নয়ন কৰাৰ লক্ষ্য লোৱা হৈছে, ইয়াৰে ২২,৫৯০ কিলোমিটাৰ ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হৈছে।

মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰায় ১৩৮৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ নিৰ্মাণ সম্পূৰ্ণ হ’লে দেশৰ আটাইতকৈ দীঘলীয়া নিয়ন্ত্ৰিত প্ৰৱেশ এক্সপ্ৰেছৱে’ত পৰিণত হ’ব। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৫ জুনত ইয়াৰ গুজৰাট অংশৰ কিম-এনা (৩৬ কিলোমিটাৰ) আৰু গাণ্ডেভা-এনা (২৭.৫ কিলোমিটাৰ) অংশ উদ্বোধন কৰে। প্ৰায় ৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-মীৰুট এক্সপ্ৰেছৱেইও যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস কৰিছে।

দ্বাৰকা এক্সপ্ৰেছৱেৰ দিল্লী অংশ ২০২৫ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰীয়ে, আৰু ২০২৪ চনৰ মাৰ্চ মাহত হাৰিয়ানা অংশ উদ্বোধন কৰে। ইফালে দক্ষিণ ভাৰতৰ ১১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বেংগালুৰু-মইছুৰু এক্সপ্ৰেছৱেৰ যাত্ৰাৰ সময় ৩ ঘণ্টাৰ পৰা ৭৫ মিনিটলৈ হ্ৰাস কৰা হৈছে।

মন্ত্ৰালয়ৰ মতে, ২০২৬ চনৰ ১৪ এপ্ৰিলত ১২ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ২১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-ডেৰাডুন ইকনমিক কৰিডৰটো মুকলি কৰা হয়। ইয়াত ৰাজাজী ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল অঞ্চলটোক সুৰক্ষিত কৰিবলৈ এছিয়াৰ আটাইতকৈ দীঘল বন্যপ্ৰাণী কৰিডৰ, ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশ অন্তৰ্ভুক্ত কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande