জম্মুত গাড়ী আৰু ট্ৰাকৰ সংঘৰ্ষত হাৰিয়ানাৰ তিনিজন লোকৰ মৃত্যু
জম্মু, ১৪ জুন (হি.স.)। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে এখন গাড়ী আৰু ট্ৰাকৰ খুন্দাত তিনিজন লোক নিহত হোৱাৰ লগতে দুজন লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে, নগ্ৰ’টাৰ জগতি-কাৰলী অঞ্চলত পুৱা প্ৰায় ২:১৫ বজাত সংঘটিত এই দুৰ্ঘটনাটোত গাড়ীখনৰ যথেষ্ট ক্
জম্মুত গাড়ী আৰু ট্ৰাকৰ সংঘৰ্ষত হাৰিয়ানাৰ তিনিজন লোকৰ মৃত্যু


জম্মু, ১৪ জুন (হি.স.)। জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে এখন গাড়ী আৰু ট্ৰাকৰ খুন্দাত তিনিজন লোক নিহত হোৱাৰ লগতে দুজন লোক আহত হয়।

আৰক্ষীয়ে জনোৱা মতে, নগ্ৰ’টাৰ জগতি-কাৰলী অঞ্চলত পুৱা প্ৰায় ২:১৫ বজাত সংঘটিত এই দুৰ্ঘটনাটোত গাড়ীখনৰ যথেষ্ট ক্ষতিসাধন হয়। দুৰ্ঘটনাত দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত আঘাতপ্ৰাপ্ত হৈ আন এজন আহত লোকৰ মৃত্যু হয়।

নিহত লোক দুজনৰ নাম চিকন্দৰ ছাইফি, শক্তি আৰু মোহিত বৰ্মা, আটাইকেইজনেই হাৰিয়ানাৰ। বিষয়াসকলে জনোৱা মতে, আন দুজন আহত দীপক বৰ্মা আৰু কুলদীপ শৰ্মাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande