ইৰাণ-আমেৰিকাৰ শান্তি আলোচনাৰ সময়তে ইজৰাইলৰ দক্ষিণ বেইৰুটত আক্ৰমণ
লেবানন, ১৪ জুন (হি.স.)। বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চল ডাহিয়াহত দেওবাৰে ইজৰাইলে বিমান আক্ৰমণ চলায়। ইজৰাইলৰ যুদ্ধ বিমানে হিজবুল্লাহৰ সৈতে জড়িত লক্ষ্যত বোমা বৰ্ষণ কৰে। ইয়াৰ ফলত দুটা বৃহৎ বিস্ফোৰণ আৰু কেইবাটাও স্থানৰ পৰা ধোঁৱা ওলোৱা পৰিলক্ষিত হৈছিল। এ
इजराइल द्वारा बेरूत के दक्षिणी उपनगर में किए गए हमले का दृश्य  (फाइल फाेटाे)


লেবানন, ১৪ জুন (হি.স.)। বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চল ডাহিয়াহত দেওবাৰে ইজৰাইলে বিমান আক্ৰমণ চলায়। ইজৰাইলৰ যুদ্ধ বিমানে হিজবুল্লাহৰ সৈতে জড়িত লক্ষ্যত বোমা বৰ্ষণ কৰে। ইয়াৰ ফলত দুটা বৃহৎ বিস্ফোৰণ আৰু কেইবাটাও স্থানৰ পৰা ধোঁৱা ওলোৱা পৰিলক্ষিত হৈছিল। এই আক্ৰমণে পুনৰবাৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰিছে। এই ঘটনাই আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা স্পৰ্শকাতৰ শান্তি আলোচনাৰ ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

তুৰস্কৰ চৰকাৰী আনাডোলু এজেন্সীৰ মতে, দেওবাৰে ইজৰাইলৰ সেনাই লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত হিজবুল্লাহৰ সৈতে জড়িত লক্ষ্যত বিমান আক্ৰমণ চলায়। ইজৰাইলে কয় যে উত্তৰ ইজৰাইলৰ ফালে নিক্ষেপ কৰা প্ৰজেক্টাইলৰ প্ৰতিক্ৰিয়া স্বৰূপে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই আক্ৰমণে আঞ্চলিক উত্তেজনা বৃদ্ধি কৰাই নহয়, চলি থকা আমেৰিকা-ইৰাণৰ স্পৰ্শকাতৰ আলোচনাৰ ভৱিষ্যতক লৈও উদ্বেগ প্ৰকাশ কৰিছে।

প্রধানমন্ত্রী বেঞ্জামিন নেতান্যাহুৰ কার্যালয়ৰ প্রতিবেদন অনুসৰি সেনাই দহিয়া অঞ্চলত হিজবুল্লাহৰ ঘাটিসমূহক লক্ষ্য কৰি লৈছিল৷ ইজৰাইলৰ সেনাই দাবী কৰে যে হিজবুল্লাই উত্তৰ ইজৰাইলৰ ফালে তিনিটা প্ৰজেক্টাইল নিক্ষেপ কৰিছিল, যিটোক যুদ্ধবিৰতি উলংঘা বুলি অভিহিত কৰিছে। উত্তৰ ইজৰাইলত হিজবুল্লাহৰ ড্ৰ’ন আক্ৰমণৰ অভিযোগৰ পিছত ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইটামাৰ বেন-গ্ভিৰ আৰু বিত্তমন্ত্ৰী বেজালেল স্মোট্ৰিচে ডাহিয়াত সামৰিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনোৱাৰ সময়তে এই আক্ৰমণ সংঘটিত হৈছে।

লেবাননৰ ৰাজ্যিক সংবাদ সংস্থাৰ মতে, এই আক্ৰমণত কমেও দুজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন আহত হয়। ইজৰাইলে দক্ষিণ লেবাননৰ কেইবাটাও অঞ্চল খালী কৰাৰ নিৰ্দেশ জাৰি কৰি মানুহক সুৰক্ষিত অঞ্চললৈ যাবলৈ আহ্বান জনাইছে।

এই পৰিস্থিতিৰ সৃষ্টি হৈছে যেতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত সম্ভাৱ্য বুজাবুজিৰ স্মাৰক সন্দৰ্ভত আলোচনা চলি আছে। ইতিমধ্যে ইৰাণে স্পষ্ট কৰি দিছে যে দক্ষিণ বেইৰুটত আক্ৰমণক “ৰঙা ৰেখা” (ৰেড লাইন) বুলি গণ্য কৰে। ইৰাণৰ বিষয়াসকলে ইংগিত দিছে যে লেবাননৰ পৰিস্থিতি কোনো সম্ভাৱ্য চুক্তিৰ পৰা বাদ দিব নোৱাৰি।

১৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা যুদ্ধবিৰতিৰ পিছতো অঞ্চলটোত উত্তেজনা অব্যাহত আছে। ইজৰাইলৰ সেনাই ২ মাৰ্চৰ পৰা লেবাননত সামৰিক অভিযান চলাই আহিছে আৰু দক্ষিণ লেবাননৰ কেইবাটাও অঞ্চলত উপস্থিতি অক্ষুণ্ণ ৰাখিছে।

লেবাননৰ বিষয়াসকলৰ মতে, ২ মাৰ্চৰ পৰা ইজৰাইলৰ আক্ৰমণত ৩৭০০ৰো অধিক লোকৰ মৃত্যু হৈছে, প্ৰায় ১১,৫০০ লোক আহত হৈছে আৰু ১৫ লাখতকৈ অধিক লোকে ঘৰৰ পৰা ওলাই যাবলৈ বাধ্য হৈছে।

আনহাতে, বিশ্লেষকসকলৰ মতে বেইৰুটৰ ওপৰত শেহতীয়া আক্ৰমণে ইজৰাইল-হিজবুল্লাহ সংঘাতক আৰু অধিক জ্বলাই দিয়াই নহয়, অঞ্চলটোত শান্তি স্থাপনৰ বাবে চলি থকা কূটনৈতিক প্ৰচেষ্টাতো প্ৰভাৱ পেলাব পাৰে। ইফালে কাটাৰকে ধৰি কেইবাটাও আঞ্চলিক দলে উত্তেজনা হ্ৰাস কৰাৰ লগতে আলোচনা আগবঢ়াই নিয়াৰ প্ৰচেষ্টাত লিপ্ত হৈছে।

মধ্যপ্ৰাচ্যত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে এতিয়া আন্তঃৰাষ্ট্ৰীয় সমাজে আমেৰিকা আৰু ইৰাণৰ মাজত প্ৰস্তাৱিত চুক্তিখন আগবাঢ়িব নে শেহতীয়া সামৰিক উন্নয়নে নতুন বাধাৰ সৃষ্টি কৰিব সেই বিষয়ত মনোনিৱেশ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande