

নতুন দিল্লী, ১৪ জুন (হি.স.)। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই আঠটা খাদ্য কোম্পানীক জাননী জাৰি কৰি বিভ্ৰান্তিকৰ গ্ৰাহকৰ দাবী আৰু প্ৰতাৰণামূলক ব্ৰেণ্ড ট্ৰেড নামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই আঠটা কোম্পানীসমূহৰ ভিতৰত আছে ইমামি হেল্থী এণ্ড টেষ্টি, হেল্থ এড, ট্ৰুভি, দ্য হেল্থী ফেক্টৰী, হেল্ থী মাষ্টাৰ, হেল্ থী চয়ছ, প্লেন বি আৰু নুহাৰ্বছ।
নিয়ন্ত্ৰকজনে কয় যে কিছুমান কোম্পানীয়ে তেওঁলোকৰ সামগ্ৰীৰ স্বাস্থ্য সুবিধা আৰু গুণগত মানৰ বিষয়ে দাবী কৰি আছে, যিয়ে খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ উলংঘা কৰিছে। এফ এছ এছ এ আইৰ মতে, ইমামি হেল্ থী এণ্ড টেষ্টীয়ে বাণিজ্যিক নামটোৱে গ্ৰাহকক বিপথে পৰিচালিত কৰিব পাৰে আৰু প্ৰযোজ্য নিয়ম উলংঘা কৰা যেন লাগে। প্লেন বিয়ে ইয়াৰ সামগ্ৰীসমূহক উদ্ভিদভিত্তিক নিৰামিষভোজী হিচাপে প্ৰচাৰ কৰে। এফ এছ এছ এ আইৰ মতে, কোম্পানীটোৱে নিৰামিষ খাদ্য সামগ্ৰীৰ সমৰ্থনত প্ৰয়োজনীয় অনুমোদন লাভ নকৰাকৈয়ে নিজৰ সামগ্ৰীসমূহ ভেগান হিচাপে উপস্থাপন কৰিছিল, যিয়ে গ্ৰাহকৰ মাজত ভুৱা ছাপ সৃষ্টি কৰিব পাৰে।
একেদৰে দ্য হেল্থী ফেক্টৰীৰ ‘জিৰ’ মাইডা হোল ৱেট ব্ৰেড’ আৰু ‘জিৰ’ মাইডা পিজ্জা বেছ’ৰ সামগ্ৰীৰ ওপৰতো তদন্ত কৰা হৈছে। কৰ্তৃপক্ষই কয় যে এই সামগ্ৰীসমূহৰ ওপৰত কৰা দাবীয়ে গ্ৰাহকক বিপথে পৰিচালিত কৰিব পাৰে আৰু নিয়মৰ সৈতে অসঙ্গতিপূৰ্ণ যেন লাগে। তদুপৰি নিউহাৰ্বছৰ ‘ট্ৰু ভিটামিন’ প্ৰডাক্ট ৰেঞ্জেও লাভ কৰিছে জাননী। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ (এফ এছ এছ এ আই)ৰ মতে, ‘ট্ৰু ভিটামিন’ বাণিজ্যিক নামটো ইয়াৰ নিয়মৰ দ্বাৰা সংজ্ঞায়িত বা স্বীকৃতি দিয়া হোৱা নাই আৰু ই গ্ৰাহকক বিপথে পৰিচালিত কৰিব পাৰে।
একেদৰে ট্ৰুভিৰ স্নেক প্ৰডাক্ট যেনে ‘হেল্থী মিক্স ভেজি চিপছ’, ‘হেল্টি ৰাগি চিপছ’, আৰু ‘হেল্টি মুং ডাল চিপছ’ক তেওঁলোকৰ ‘স্বাস্থ্যকৰ’ দাবীক লৈ প্ৰশ্ন উত্থাপন হৈছে। নিয়ন্ত্ৰকজনে কয় যে এই সামগ্ৰীসমূহত আন কেইবাটাও উপাদান থাকে, যাৰ ফলত এই সামগ্ৰীসমূহৰ লেবেলিং ‘স্বাস্থ্যকৰ’ বিভ্ৰান্তিকৰ।
এফ এছ এছ এ আইয়ে হেল্ থী মাষ্টাৰৰ টেগলাইন ভিজন টু চাৰ্ভ হেল্ থী, হেল্ থী চয়ছৰ হেল্ থী ফুড ফৰ এ হেল্ থী লাইফ প'হা আৰু হেল্থ এডৰ ব্ৰেণ্ড নামৰ ওপৰতো আপত্তি কৰে। এই নাম আৰু দাবীসমূহে গ্ৰাহকক সামগ্ৰীসমূহৰ প্ৰকৃতিৰ বিষয়ে বিপথে পৰিচালিত কৰিব পাৰে বুলি কৰ্তৃপক্ষই বিশ্বাস কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া