বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষীৰ তৎপৰতাত জব্দ ড্ৰাগছ
আৰক্ষীয়ে খেদি যোৱা ড্ৰাগছ সৰবৰাহকাৰী পলায়ণ কৰে যদিও জব্দ কৰিবলৈ সক্ষম হয় ২৫ টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ ।
বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষীৰ তৎপৰতাত জব্দ ড্ৰাগছ


বৰপেটা, ১৪ জুন (হি.স.): বৰপেটাৰ আৰক্ষীয়ে যোৱা কালি সন্ধিয়া ড্ৰাগছ সৰবৰাহকাৰীক খেদি খেদি জব্দ কৰিবলৈ সক্ষম হয় ২৫ টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ । বৰপেটা জিলাৰ আলোপতি চৰ আৰক্ষীৰ তৎপৰতাত জব্দ কৰা হয় ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ কেইটা।

জানিব পৰা মতে সুখোৱাৰঝাৰৰ পৰা দুজন সৰবৰাহকাৰীয়ে মাজৰচৰ লৈ ড্ৰাগছ সৰবৰাহৰ বাবে অহাৰ খৱৰ লাভ কৰি আলোপতি আৰক্ষীয়ে তৎপৰ হয় যদিও ড্ৰাগছ সৰবৰাহকাৰী দুটাই য়ামাহা আৰ–১৫ বাইকেৰে আৰক্ষীৰ চকুত ধুলি দি তীব্ৰ বেগে গুচি যায়। পিছত একাংশ লোকে পাঠিমাৰী জনপ্ৰিয় বজাৰত বাইকখন উদ্ধাৰ কৰে আৰু আৰক্ষীয়ে বাইক খনৰ পৰা ২৫ টা ড্ৰাগছ ভৰ্ত্তি কন্টেইনাৰ জব্দ কৰে । জব্দকৃত বাইকখনো থানালৈ লৈ যায় আৰক্ষীয়ে । চৰাঞ্চলৰ পৰা ড্ৰাগছৰ ঘাটি উৎক্ষাত কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ত জৰিত সকলক গ্ৰেপ্তাৰৰ দাবী জনায় আৰক্ষীক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande