
বৰপেটা, ১৪ জুন (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াত যোৱা কালি নিশা চাৰি কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হয় । কলগাছিয়া আৰক্ষীয়ে খেদি খেদি আটক কৰে ড্ৰাগছ ব্যৱসায়ীক। ৰাইজৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰি যুৱকক।
পৰবৰ্তী সময়ত কলগাছিয়া আৰক্ষীয়ে কলগাছিয়া হলমাৰ্কেটৰ নুৰ আলম আৰু হাফিজুৰ ৰহমানৰ ঘৰত অভিযান চলায় । অভিযান কালত নুৰ আলম সহ আন তিনিজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।ইফালে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ড্ৰাগছ মাফিয়া হাফিজুৰ ৰহমান । আৰক্ষীয়ে দুটাকৈ ড্ৰাগছৰ পেকেট, ১৪ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰত মূঠ ২৮.৮০ গ্ৰাম সন্ধেহযুক্ত হেৰ'ইন , নগদ ধন ২৩,১৫০ টকা আৰু ৫ টাকৈ মোবাইল ফোন জব্দ কৰে।
ড্ৰাগছ ব্যৱসায়ী চাৰিগৰাকী ক্ৰমে- বলাইপাথাৰ গাঁৱৰ মিৰ লাবিবুল তৌহিদ, কলগাছিয়াৰ নুৰ আলম, ডিমাপুৰ গাঁৱৰ আদনুৰ হক আৰু আশ্ৰাফুল আলম বুলি পৰিচয় পোৱা গৈছে । আটাইকেইজনকে কলগাছিয়া আৰক্ষীয়ে অধিক তথ্যৰ জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ