
- সোণৰ দাম সাপ্তাহিক ভিত্তিত ৬,৬৮০ টকা হ্ৰাস
নতুন দিল্লী, ১৪ জুন (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি বৃদ্ধিৰ ধাৰা দেখা গৈছে ৷ মূল্যবৃদ্ধিৰ বাবে ২৪ কেৰেটৰ সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৪৯,০৮০ টকাৰ পৰা ১,৫১,২০০ টকাৰ ভিতৰত কৰা দেখা গৈছে। ইফালে ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,৩৬,৬৫০ টকাৰ পৰা ১,৩৮,৬০০ টকাৰ ভিতৰত কৰা হৈছে। ৰূপৰ দামো বৃদ্ধি পাইছে, চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৬০,০০০ টকা হয়গৈ।
অৱশ্যে সাপ্তাহিক ভিত্তিত বিগত সপ্তাহৰ ব্যৱসায়ত সোণ-ৰূপৰ মূল্য হ্ৰাস পাইছে। যোৱা সপ্তাহৰ ব্যৱসায়ত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬,৬৮০ টকা হ্ৰাস পাইছে। একেদৰে ২২ কেৰেট সোণৰ মূল্য সাপ্তাহিক ভিত্তিত প্ৰতি ১০ গ্ৰামত ৩৪০০ টকা হ্ৰাস পাইছে। ৰূপৰ মূল্যৰ উঠা-নমা হোৱাৰ পাছতো যোৱা সপ্তাহত ৰূপৰ মূল্যও হ্ৰাস পাইছে। এই হ্ৰাসৰ ফলত সাপ্তাহিকভাৱে প্ৰতি কিলোগ্ৰামত ৫,০০০ ₹ হ্ৰাস পায়।
দিল্লীত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৯,২৩০ টকা , আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৬,৮০০ ₹। ইফালে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণৰ ১০ গ্ৰামত ১,৪৯,০৮০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩৬,৬৫০ ₹ত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৯,১৩০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৬,৭০০ টকা।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫১,২০০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৩৮,৬০০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাত ২৪ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৪৯,০৮০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১,৩৬,৬৫০ টকা। ভূপালত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪৯,১৩০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৬,৭০০ টকা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া