
দক্ষিণ শালমাৰা মানকাচৰ, ১৪ জুন (হি.স.)। নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)য়ে চলোৱা অভিযানৰ সময়ত দেওবাৰে পুৱা ৯ জন অবৈধ বাংলাদেশী নাগৰিকক নিজ দেশলৈ ঠেলি দিয়া (পুশ্ববেক) হয়।
সূত্ৰ অনুসৰি, এই ব্যক্তিসকলৰ ভিতৰত ছয়জনক মানকাচৰৰ ঝালাচৰ সীমান্ত চকীৰ জৰিয়তে বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয়, আৰু বাকী তিনিজনক শ্বাহাপাৰা সীমান্ত চকীৰ জৰিয়তে বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয়। পুশ্ববেক কৰা ব্যক্তিসকলৰ ভিতৰত আছিল মহিলা আৰু শিশু।
এই অভিযানৰ অন্তত ভাৰতৰ বি এছ এফ আৰু বাংলাদেশৰ বৰ্ডাৰ গাৰ্ড বাংলাদেশ (বিজিবি)ৰ মাজত এই বিষয় সন্দৰ্ভত পতাকা বৈঠক (ফ্লেগ মিটিং) অনুষ্ঠিত হয়। অৱশ্যে বাংলাদেশ কৰ্তৃপক্ষই এই ব্যক্তিসকলক এতিয়াও গ্ৰহণ কৰা নাই।
ইয়াৰ ফলত বৰ্তমান ৯ জন ব্যক্তিয়েই ভাৰত-বাংলাদেশ সীমান্তৰ ‘নো মেন’ছ লেণ্ড’ এলেকাত আবদ্ধ হৈ আছে আৰু সোনকালে এই ঘটনাক্ৰমৰ পৰিত্ৰাণৰ অপেক্ষাত আছে ।
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তত নিৰাপত্তা কটকটীয়া কৰা হৈছে। বিএছএফ আৰু বিজিবিৰ জোৱানসকলে নিজ নিজ সীমান্তত নিৰন্তৰ টহল দি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধৰ বাবে সতৰ্কতা অক্ষুণ্ণ ৰাখিছে।
সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত দুয়োখন দেশৰ প্ৰাসংগিক বিষয়াসকল অহৰহ যোগাযোগত আছে আৰু বিষয়টো সমাধানৰ বাবে সমন্বিত প্ৰচেষ্টা চলি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া