ইঞ্জিন বিকল হোৱাৰ বাবে ওমান উপকূলৰ সমীপত আবদ্ধ ভাৰতীয় জাহাজ; ক্ৰু নিৰাপদ
মাস্কাট, ১৪ জুন (হি.স.)। ভাৰতীয় বণিক জাহাজ বিৰাট ১ ইঞ্জিন বিকল হোৱাৰ বাবে ওমানৰ উপকূলৰ সমীপত আৱদ্ধ হৈ পৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ অংশ হিচাপে জাহাজত থকা ১৪ জন ভাৰতীয় ক্ৰু মেম্বাৰ সকলোকে উদ্ধাৰ কৰা হৈছে। ওমানত থকা ভাৰতীয় দূতাবাসে দেওবাৰে
ইঞ্জিন বিকল হোৱাৰ বাবে ওমান উপকূলৰ সমীপত আবদ্ধ ভাৰতীয় জাহাজ; ক্ৰু নিৰাপদ


মাস্কাট, ১৪ জুন (হি.স.)। ভাৰতীয় বণিক জাহাজ বিৰাট ১ ইঞ্জিন বিকল হোৱাৰ বাবে ওমানৰ উপকূলৰ সমীপত আৱদ্ধ হৈ পৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ অংশ হিচাপে জাহাজত থকা ১৪ জন ভাৰতীয় ক্ৰু মেম্বাৰ সকলোকে উদ্ধাৰ কৰা হৈছে।

ওমানত থকা ভাৰতীয় দূতাবাসে দেওবাৰে এই কথা নিশ্চিত কৰি সকলো নাৱিক সুৰক্ষিত আৰু সুস্বাস্থ্যৰ কথা উল্লেখ কৰিছে।

দূতাবাসৰ মতে, জাহাজখনৰ কাৰিকৰী বিজুতিৰ সন্মুখীন হোৱাৰ পিছত ক্ৰু সদস্যসকলক লাইফৰাফ্টলৈ বদলি কৰা হয়। ইয়াৰ পিছত ওমান কৰ্তৃপক্ষৰ সমন্বয়ত ওচৰৰ জাহাজৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। এই অভিযান সফল সমাপ্ত হোৱাৰ পিছতে ১৪ জন ভাৰতীয়কে নিৰাপদে উদ্ধাৰ কৰা হয়।

দূতাবাসে জনোৱা মতে, উদ্ধাৰ কৰা ক্ৰু সদস্যসকল বৰ্তমান জবল আলী-৯ জাহাজত উঠি মুম্বাইলৈ ৰাওনা হৈছে। সকলো নাৱিক নিৰাপদ আৰু কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।

যোৱা কিছুদিনত ওমান উপসাগৰ আৰু হৰমুজ জলদ্বীপৰ আশে-পাশে বণিক জাহাজৰ সৈতে জড়িত কেইবাটাও গুৰুতৰ ঘটনা সংঘটিত হোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। যোৱা সপ্তাহত আন এখন বণিক জাহাজক আক্ৰমণ কৰা হৈছিল, যাৰ ফলত ভাৰতীয় নাৱিকে প্ৰাণ হেৰুৱাইছিল, আনহাতে আন কেইবাখনো জাহাজেও নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যৰ মসৃণ আৰু নিৰাপদ গতিবিধিক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বাণিজ্যিক জাহাজ আৰু অসামৰিক নাৱিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande