
নতুন দিল্লী, ১৪ জুন (হি.স.)। ওমানত থকা ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিক নিশান্ত উৰ্থনাথনৰ মৃতদেহ অতি সোনকালে ভাৰতলৈ ঘূৰাই অনাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।
ওমানত থকা ভাৰতীয় দূতাবাসে এক্সত উল্লেখ কৰিছে, দুৰ্ভাগ্যজনকভাৱে বণিক জাহাজত চিকিৎসাজনিত কাৰণত প্ৰাণ হেৰুওৱা ভাৰতীয় নাগৰিক নিশান্ত উৰ্থনাথনৰ পৰিয়াল, জাহাজখনৰ ক্ৰু সদস্য আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে দূতাবাসৰ অহৰহ যোগাযোগ আছে। তেওঁৰ মৃতদেহ অতি সোনকালে নমাই অনা তথা স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া