
যোৰহাট, ১৩ জুন (হি.স.)। যোৰহাটত মহিলাক আক্রমন বাহুবলী যুৱকৰ। ৰাজহুৱা স্থানত নগৰৰ মাজমজিয়াত কালি সন্ধিয়া উপর্য্যুপৰি প্রহাৰ শ্যাম শ্বাহ নামৰ যুৱক জনৰ। ডিঙি, মুৰ আৰু হাতত প্রহাৰ ৰাউট উপাধিৰ মহিলা গৰাকীক। গুৰুতৰ ভাবে আহত অৱস্থাত ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলা গৰাকী।
ইতিমধ্যে শ্যাম শ্বাহ নামৰ যুৱক জনক আৰক্ষীয়ে সোধাপোচাৰ বাবে আটক কৰিছে। পাৰিবাৰিক কন্দলৰ পৰিনতি বুলি সন্দেহ কৰা হৈছে সমগ্র ঘটনা।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু