
নগাঁও, ১৩ জুন (হি.স.)।
নগাঁৱৰ বঢ়মপুৰৰ তপতজুৰিত বন্যহস্তীৰ উপদ্ৰৱ ।
বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে বাসগৃহ ।
নিশা বন্যহস্তীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰে বাসগৃহটোত থকা লোক সকলে।
কন্দলি চোৱাং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটা বন্যহস্তীৰ দল বিভিন্ন ভাগত বিভক্ত হৈ প্ৰতিদিনে বঢ়মপুৰৰ বিভিন্ন অঞ্চলত চলাই গৈছে উপদ্ৰৱ।
বন্যহস্তীৰ পৰা সাধাৰণ জনতাৰ জীৱন-সম্পত্তি ৰক্ষা কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে নগাঁও বন বিভাগ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা