
শিৱসাগৰ, ১৩ জুন (হি.স.)। এজাক বৰষুণতে জলমগ্ন শিৱসাগৰ নগৰ । আজি পুৱাৰ পৰা একেৰাহে হোৱা এজাক বৰষুণত ঐতিসাহিক শিৱসাগৰ নগৰৰ আমোলাপট্টি, বাবু পট্টি,দৌলমুখ,হস্পিটেল ৰোড ,বি জি ৰোড, অ এন, জি ,চি কলনি আদি প্ৰায় সকলো স্থান পানীত বুৰ যায় ।
শিসাগৰৰ পৌৰসভাই নগৰৰ ঠায়ে ঠায়ে নলা _নৰ্দমা সমূহ নিৰ্মাণৰ কাম সমাপ্ত কৰিছে যদিও বিজ্ঞান সন্মত ভাবে পানী ওলাই যোৱাৰ ব্যৱস্থা নকৰাৰ বাবে এনেদৰে এজাক পাতলীয়া বৰষুণতে জলমগ্ন হৈ পৰিছে শিৱসাগৰ নগৰ ।এজাক বৰষুণতে নগৰৰ ঘাই ঘাই অঞ্চল সমূহ জলমগ্ন হোৱাত পুৱা বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীৰ উপৰিও বিভিন্ন কাৰ্য্যাল়য়লৈ যোৱা কৰ্মচাৰী সকলৰ যথেষ্ঠ সমস্যাৰ সৃষ্টি হৈছে ।নগৰ এই কৃত্ৰিম বানৰ সমস্যা নিৰ্মূল কৰিবলৈ স্থানীয় বিধায়ক অখিল গগৈক ৰাইজে দাবী উত্থাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ