তামুলপুৰৰ কুমাৰীকাটাৰ বিনোৱাপুৰৰ এখন গেলামাল দোকানৰ পৰা প্ৰায় ৪৫ লিটাৰ অবৈধ সুৰা জব্দ
তামুলপুৰ, ১৩ জুন (হি.স.)। ৰাজ্যত অব্যাহত আছে মাদকদ্ৰব্য বিৰোধী অভিযান। তামুলপুৰৰ কুমাৰীকাটাত মাদক দ্ৰব্য তথা জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান চলে। যোৱা কালি শুকুৰবাৰে নিশা আৰক্ষীয়ে কুমাৰীকাটাৰ বিনোৱাপুৰৰ এখন গেলামাল দোকানৰ পৰা জব্দ কৰে প্ৰায় ৪৫
তামুলপুৰৰ কুমাৰীকাটাৰ বিনোৱাপুৰৰ এখন গেলামাল দোকানৰ পৰা প্ৰায় ৪৫ লিটাৰ অবৈধ সুৰা জব্দ


তামুলপুৰ, ১৩ জুন (হি.স.)। ৰাজ্যত অব্যাহত আছে মাদকদ্ৰব্য বিৰোধী অভিযান। তামুলপুৰৰ কুমাৰীকাটাত মাদক দ্ৰব্য তথা জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান চলে। যোৱা কালি শুকুৰবাৰে নিশা আৰক্ষীয়ে কুমাৰীকাটাৰ বিনোৱাপুৰৰ এখন গেলামাল দোকানৰ পৰা জব্দ কৰে প্ৰায় ৪৫ লিটাৰ অবৈধ সুৰা ।

ইফালে জুৱাৰ বিৰুদ্ধে চলোৱা এক অভিযানত আমবাৰী নালজৰা জংঘলৰ জুৱাৰ আড্ডাৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ কৰা হয় মইদুল আলী, চফিকুল আলী আৰু ইকৰাম আলী নামৰ তিনিটা জুৱাৰীক । ধৃত জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে নগদ ৩৬,০০০ টকা আৰু জুৱা খেলা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে । জিলাখনত অবৈধ সুৰা আৰু জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ এই ‘ শূণ্য সহনশীলতা’ (জিৰ’ টলোৰেঞ্চ) অভিযান অব্যাহত থাকিব বুলি প্ৰশাসনে জানিবলৈ দিছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande