তামুলপুৰৰ কুমাৰীকাটাত আৰক্ষীৰ তীব্ৰ অভিযান
তামুলপুৰ, ১৩ জুন (হি.স.)। তামুলপুৰৰ কুমাৰীকাটাত আৰক্ষীৰ তীব্ৰ অভিযান। নিশা আৰক্ষীয়ে বিনোৱাপুৰৰ এখন গেলামাল দোকানৰ পৰা জব্দ কৰে প্ৰায় ৪৫ লিটাৰ অবৈধ সুৰা। আন এক অভিযানত আমবাৰী নালজৰা জংঘলৰ জুৱাৰ আড্ডাৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ কৰা হয় মইদুল আলী, চফি
তামুলপুৰৰ কুমাৰীকাটাত আৰক্ষীৰ তীব্ৰ অভিযান


তামুলপুৰ, ১৩ জুন (হি.স.)। তামুলপুৰৰ কুমাৰীকাটাত আৰক্ষীৰ তীব্ৰ অভিযান। নিশা আৰক্ষীয়ে বিনোৱাপুৰৰ এখন গেলামাল দোকানৰ পৰা জব্দ কৰে প্ৰায় ৪৫ লিটাৰ অবৈধ সুৰা।

আন এক অভিযানত আমবাৰী নালজৰা জংঘলৰ জুৱাৰ আড্ডাৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ কৰা হয় মইদুল আলী, চফিকুল আলী আৰু ইকৰাম আলী নামৰ তিনিটা জুৱাৰীক। ধৃত জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে নগদ ৩৬,০০০ টকা আৰু জুৱা খেলা সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে। জিলাখনত অবৈধ সুৰা আৰু জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ এই ‘জিৰ’ টলাৰেঞ্চ’ অভিযান অব্যাহত থাকিব বুলি প্ৰশাসনে জানিবলৈ দিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande