
গোলাঘাট, ১৩ জুন (হি.স.)। দেৰগাঁৱৰ ৰঙামাটি টোলগেটত বাছ চালক আৰু টোলগেট কৰ্মচাৰীৰ মাজত সংঘটিত সংঘাতৰ অন্ত । দেৰগাঁও থানাত মীমাংসালৈ আহিল দুই পক্ষ । মাৰপিতৰ ঘটনা সংঘটিত হোৱাক কেন্দ্ৰ কৰি উদ্বিগ্ন হৈ আছিল টোলগেট কৰ্তৃপক্ষ আৰু বাছ মালিক সন্থা । বাছ মালিক সন্থাৰ ৰূপম দত্তৰ তৎপৰতাত গোচৰ উঠাই লৈ অনাগত দিনত এনে ঘটনা সংঘটিত নকৰিবলৈ আহ্বান টোলগেট কৰ্তৃপক্ষক।
সাধাৰণ কৰ্মচাৰীক গিনিপিগ সজাই টোলগেট কৰ্তৃপক্ষই অনাগত দিনত এনে কাণ্ড সংঘটিত কৰিলে কোনো কাৰণতেই ক্ষমা নকৰাৰ হুংকাৰ বাছ মালিক সন্থাৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা