দেৰগাঁও মাজমজিয়াৰ এটা চিকিৎসা কেন্দ্ৰৰ দুৰৱস্থা
দেৰগাঁও মাজমজিয়াৰ এটা চিকিৎসা কেন্দ্ৰৰ দুৰৱস্থা।
দেৰগাঁও মাজমজিয়াৰ এটা চিকিৎসা কেন্দ্ৰৰ দুৰৱস্থা


গোলাঘাট, ১৩ জুন (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও মাজমজিয়াৰ এটা চিকিৎসা কেন্দ্ৰৰ দুৰৱস্থা পোহৰলৈ আহিছে । দেৰগাঁৱৰ অতিকৈ পুৰণি চিকিৎসালয় দেৰগাঁও সাহাৰ্য্যপ্ৰাপ্ত স্বাস্থ্য কেন্দ্ৰ । আনহাতেদি উক্ত চিকিৎসা কেন্দ্ৰটো আয়ুষ্মান আৰোগ্য কেন্দ্ৰৰো অধীনৰ । চিকিৎসালয় খনৰ ফুটগধূলিতে অন্ধকাৰ হৈ পৰে চিকিৎসালয় কেন্দ্ৰটোৰ চৌপাশ ।

সন্মুখৰ ভাগত আছে মাথোঁ দুটা লাইট । শৌচালয়ত নাই কোনো পোহৰৰ ব্যৱস্থা । ম্যাদ উকলি যোৱা ঔষধ বা অন্যান্য প্লাষ্টিক জাতীয় সামগ্ৰী সমূহ মুকলিকৈ জ্বলাই দিয়া হয় চিকিৎসালয়ৰ চৌহদতে । যাৰ ফলত এক বিষাক্ত গেছে আৱৰি ধৰে অঞ্চলজুৰি । শ্বাস প্ৰশ্বাসৰ ক্ষেত্ৰতো অসুবিধা হোৱাৰ অভিযোগ কৰে অঞ্চলবাসী ৰাইজে । নিচেই কাষতে আছে দেৰগাঁও আৰক্ষী থানাৰ কোৱাৰ্টাৰ সমূহ । কেন্দ্ৰটো চোৱাচিতাৰ বাবে নাই কোনো নাইট চকীদাৰ । জিলা প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নথকাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে । এখন চিকিৎসালয় যিহেতু ২৪ ঘন্টাই খোলা থাকিব লাগে ৰোগীৰ বাবে। তাৰ বিপৰীতে এক অন্ধকাৰময় পৰিবেশে বিৰাজ কৰে এই দেৰগাঁও সমজিলা অধীনস্থ চিকিৎসালয় খনত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande