
ডিব্ৰুগড়, ১৩ জুন (হি.স.)। ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিবলৈ সক্ষম হৈছে ৬৫ নং হুগ্ৰীজান গাওঁ পঞ্চায়ত। উল্লেখ্য যে দেশত প্ৰায় ২ লাখ ৫০ হাজাৰ খন পঞ্চায়ত আছে । ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে এইবাৰ দেশৰ সৰ্বমুঠ ৪২ খন পঞ্চায়তক দীনদয়াল উপাধ্যায় পঞ্চায়তী সতত পুৰস্কাৰ প্ৰদান কৰে।
জানিব পৰা অনুসৰি দুলীয়াজানৰ ৬৫ নং হুগ্ৰীজান গাওঁ পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত দ্বিতীয় স্থান লাভ কৰি এই বঁটা লাভ কৰিবলৈ সক্ষম হয় । উক্ত পঞ্চায়তৰ সভাপতি মাধুৰ্য সোণোৱালে দিল্লীত উক্ত বঁটা গ্ৰহণ কৰে । উক্ত বাতৰি লাভ কৰাৰ পিচতেই দুলীয়াজানবাসীৰ লগতে পঞ্চায়তৰ সকলো বিষয়-ববীয়াৰ মাজত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা আৰু দুলীয়াজান বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী পঞ্চায়তৰ কাৰ্যালয়ত উপস্থিত হৈ সকলোৱে অভিনন্দন জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা