কলগাছিয়াত শ শ গৰু অচিন ৰোগত আক্ৰান্ত , গো পালক সকলৰ মাজত হাহাকাৰ
বৰপেটা, ১৩ জুন (হি.স.)। কলগাছিয়াত শ শ গৰু অচিন ৰোগত আক্ৰান্ত ৷ গো পালক সকলৰ মাজত হাহাকাৰ ৷ চিকিৎসাৰ অভাৱত বহু গৰুৰ মৃত্যু ৷ কলগাছিয়াৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ অন্তৰ্গত দাৱনদিয়া, নদিয়াপাৰা, গুনিয়ালগুৰী, কলগাছিয়া আদি বৃহত্তৰ অঞ্চলত পোহনীয়া গৰুক
কলগাছিয়াত শ শ গৰু অচিন ৰোগত আক্ৰান্ত , গো পালক সকলৰ মাজত হাহাকাৰ


বৰপেটা, ১৩ জুন (হি.স.)। কলগাছিয়াত শ শ গৰু অচিন ৰোগত আক্ৰান্ত ৷ গো পালক সকলৰ মাজত হাহাকাৰ ৷ চিকিৎসাৰ অভাৱত বহু গৰুৰ মৃত্যু ৷

কলগাছিয়াৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ অন্তৰ্গত দাৱনদিয়া, নদিয়াপাৰা, গুনিয়ালগুৰী, কলগাছিয়া আদি বৃহত্তৰ অঞ্চলত পোহনীয়া গৰুক অচিন ৰোগে আক্ৰান্ত কৰাত গো পালক সকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ যোৱা কিছুদিন ধৰি বহু গৰু মৃত্যুৰ মুখত পৰাৰ লগতে শ শ গৰু অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে ফলত গো পালক সকল চিন্তিত হৈ পৰিছে ৷ গৰুক আক্ৰান্ত কৰা বেমাৰ গো পালক সকলে এতিয়ালৈকে ধৰিব পৰা নাই যদিও একাংশ লোকে ইয়াক লাম্ফি আৰু চাবোকা বেমাৰ বুলি ধাৰণা কৰিছে ৷ মুৰৰ গাম মাটিত পেলাই গো পালক সকলে গৰু লালনপালন কৰি আহিছে যদিও হঠাৎ এনে বেমাৰে দেখা দিয়াত গাখীৰ উৎপাদন কৰাৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সমুখীন হবলগীয়া হৈছে ৷ সেয়ে শীঘ্ৰে পশু ধন সমূহক আগতীয়াকৈ চৰকাৰী চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande