কলিয়াবৰৰ কেইগৰাকীমান সচেতন ব্যক্তিৰ মহানুভৱতা
নগাঁও, ১৩ জুন (হি.স.)। মানৱতা এতিয়াও শেষ হোৱা নাই। এই কথাকে পুনৰবাৰ প্ৰমাণ কৰিলে কলিয়াবৰৰ সচেতন সংবাদ আৰু সমাজকৰ্মী ব্যক্তিয়ে। এগৰাকী অসহায় ব্যক্তিক এক পৰিতপ্ত অৱস্থাৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাই মানৱতাৰ উকৃষ্ট নিদৰ্শন দাঙি
কলিয়াবৰৰ কেইগৰাকীমান সচেতন ব্যক্তিৰ মহানুভৱতা


কলিয়াবৰৰ কেইগৰাকীমান সচেতন ব্যক্তিৰ মহানুভৱতা


নগাঁও, ১৩ জুন (হি.স.)। মানৱতা এতিয়াও শেষ হোৱা নাই। এই কথাকে পুনৰবাৰ প্ৰমাণ কৰিলে কলিয়াবৰৰ সচেতন সংবাদ আৰু সমাজকৰ্মী ব্যক্তিয়ে। এগৰাকী অসহায় ব্যক্তিক এক পৰিতপ্ত অৱস্থাৰ পৰা উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাই মানৱতাৰ উকৃষ্ট নিদৰ্শন দাঙি ধৰিলে। উত্তৰ পূৱথৰীয়া গাওঁ পঞ্চায়তৰ এটা জাৱৰ পেলোৱা পৰিতপ্ত গৃহত বিগত সাতদিন ধৰি অৰ্ধ মৃত অৱস্থাত পৰি আছিল এজন অচিনাক্ত ব্যক্তি।

এক খবৰৰ ভিত্তিত উক্ত স্থানত উপস্থিত হয় সমাজকৰ্মী লেখনাথ শৰ্মাৰ আৰু সংবাদকৰ্মী লক্ষজ্যোতি বৰা কলিয়াবৰৰ এন কে টিভিৰ সংবাদকৰ্মীয়ে। ঘাঁৰে পৰিপূৰ্ণ ভৰি দুটাত দুগন্ধৰ সৃষ্টি হয়। মানুহজনক চিকিৎসাৰ প্ৰয়োজন অনুভৱ কৰি তৎকালীন ভাবে তেওঁলোকে মানুহজনক উদ্ধাৰ কৰি জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। জানিব পৰা মতে সন্ত্ৰাস জৰ্জৰিত মণিপুৰৰ এটি গোৰ্খা পৰিয়ালৰ লোক এই মানুহজন। এক অজ্ঞাত কাৰণত মানুহজনে নিজ ৰাজ্যৰ পৰা পলাই আহি অসম পায় আৰু ৰেলযোগে আহি নগাঁও জিলাৰ শিলঘাটত উপস্থিত হৈ এই পৰিতপ্ত জাৱৰ গৃহটোতে আশ্ৰয় লয়। অৱশ্যে কেইবাদিনো ধৰি মানুহজন গৃহটোত পৰি থকাত সুহৃদ লোকে খাদ্যৰ যোগান ধৰি আহিছে। উল্লেখযোগ্য যে স্থানীয় লোকে শিলঘাট আৰক্ষী চকীৰ আৰক্ষীক খবৰ দিছিল যদিও আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। বৰ্তমান জখলাবন্ধা চিকিৎসালয়ত চিকিৎসাধীন লোকজন। জানিব পৰা মতে তেওঁৰ নাম ৰমেশ থাপা। ঘৰ মণিপুৰৰ বন্দিপুৰ জিলাত।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande