সাদুল্যাবাড়ী গাঁৱত বলীয়া কুকুৰৰ আক্ৰমণত আহত পাচজন
দক্ষিণ শালমাৰা-মানকাচৰ, ১৩ জুন (হি.স.)। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত সাদুল্যাবাড়ী গাঁৱত আজি পুৱাৰ ভাগত এক বলীয়া কুকুৰৰ তাণ্ডৱে অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰে। কুকুৰটোৱে পথচাৰী আৰু স্থানীয় কেইবা গৰাকী লোকক আক্ৰমণ কৰি আহত কৰ
সাদুল্যাবাড়ী গাঁৱত বলীয়া কুকুৰৰ আক্ৰমণত আহত পাচজন


দক্ষিণ শালমাৰা-মানকাচৰ, ১৩ জুন (হি.স.)। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত সাদুল্যাবাড়ী গাঁৱত আজি পুৱাৰ ভাগত এক বলীয়া কুকুৰৰ তাণ্ডৱে অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰে। কুকুৰটোৱে পথচাৰী আৰু স্থানীয় কেইবা গৰাকী লোকক আক্ৰমণ কৰি আহত কৰে। কুকুৰৰ আক্ৰমণত আহত অঞ্চলটোৰ পাচজন লোক।

আহত লোক সকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। কুকুৰটোৰ আকস্মিক আক্ৰমণত গাঁওবাসীৰ মাজত ভয় আৰু উদ্বেগৰ সৃষ্টি হৈছে। ঘটনাৰ পিছতে স্থানীয় ৰাইজে কুকুৰটোক লাঠিৰে কোবাই মাৰে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande