চাবুৱা এমইএছ তিনিআলি সমীপত বিধ্বংসী অগ্নিকাণ্ড
চাবুৱা MES তিনিআলি সমীপৰত বিধ্বংসী অগ্নিকাণ্ড৷
চাবুৱা এমইএছ তিনিআলি সমীপত বিধ্বংসী অগ্নিকাণ্ড


ডিব্ৰুগড়, ১৩ জুন (হি.স.): ডিব্ৰুগড় জিলাৰ চাবুৱা এমইএছ তিনিআলি সমীপত যোৱা কালি শুকুৰবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল সমগ্ৰ অঞ্চলটো ৷

স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনী তৎপৰতাৰ ফৰত অগ্নি নিৰ্বাপন কৰা হয় ৷ এটা খেৰৰ মেজি পৰা অগ্নিকাণ্ড সূত্ৰপাত হয় বৃহৎ অঞ্চলতো কলা ধোঁৱাই আগুৰি ধৰে । স্থানীয় লোক আৰু যথাসময়ত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰাত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল সমগ্ৰ অঞ্চলটো। অগ্নিকাণ্ডত এটা গোহালি বাদে আৰু ক্ষয়ক্ষতি হোৱা নাই ৷ আনহাতে স্থানীয় লোকৰ অভিযোগ অনুসৰি সেই একেটা স্থানত গৃহস্থ অসাৱধানতা বাবে পূৰ্বেও এনে ঘটনা ঘটা কথা উল্লেখ কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande