
গোৱালপাৰা, ১৩ জুন (হি.স.): গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত গোসিইডুবী মুছলিমপাৰা কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । মৰা পাটৰ খেতি কৰি বিপদত পৰিছে কৃষক ৰাইজ । অচিন ৰোগত আক্ৰান্ত হৈ মৰিছে বিঘাই বিঘাই মৰাপাটৰ খেতি।
উল্লেখ্য় যে মুৰৰ ঘাম মাটিত পেলাই কৃষকে যি মৰাপাটৰ খেতি কৰিছিল এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে গাওঁ খনৰ কৃষকসকলে । নিজৰ গাঠিৰ ধন খৰচ কৰি খেতি কৰাৰ পিছত কোন বেমাৰত আক্ৰান্ত হৈ বিঘাই বিঘাই মৰাপাটৰ খেতি মৰি আছে এতিয়াও ধৰিব পৰা নাই কৃষকে । এইক্ষেত্ৰত উপায়ান্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে তদন্ত কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰলৈ অনুৰোধ জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ