বিশিষ্ঠ চিকিৎসক ডা: নৰেশ্বৰ দত্তৰ স্মৃতিত স্মৃতিগ্ৰন্থ উন্মোচন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শ্ৰদ্ধাঞ্জলী
তিনিচুকীয়া, ১৩ জুন (হি.স.)। অসমৰ বিশিষ্ট তথা জ্যেষ্ঠ চিকিৎসক ডা: নৰেশ্বৰ দত্তই যোৱা ৩০ মে'' তাৰিখে ৮৭ বছৰ বয়সত স্বাস্থ্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে।আজি মানৱ দৰদী চিকিৎসক গৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনা তিনিচুকীয়াকে ধৰি দাঁতিকাষৰীয়া অঞ্চলৰ অসংখ্য গুণ
বিশিষ্ঠ চিকিৎসক ডা: নৰেশ্বৰ দত্তৰ স্মৃতিত স্মৃতিগ্ৰন্থ উন্মোচন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শ্ৰদ্ধাঞ্জলী


তিনিচুকীয়া, ১৩ জুন (হি.স.)। অসমৰ বিশিষ্ট তথা জ্যেষ্ঠ চিকিৎসক ডা: নৰেশ্বৰ দত্তই যোৱা ৩০ মে' তাৰিখে ৮৭ বছৰ বয়সত স্বাস্থ্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে।আজি মানৱ দৰদী চিকিৎসক গৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনা তিনিচুকীয়াকে ধৰি দাঁতিকাষৰীয়া অঞ্চলৰ অসংখ্য গুণমুগ্ধই তেখেতৰ তিনিচুকীয়াৰ বৰদলৈ নগৰস্থিত বাসগৃহত উপস্থিত হৈ ধূপ,চাকি পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জনোৱাৰ লগতে প্ৰয়াত চিকিৎসকগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰি তুলিবলৈ পৰিয়ালে প্ৰস্তত কৰা স্মৃতিগ্ৰন্থ শ্ৰদ্ধাৰ্ঘ উন্মোচন কৰা হয়।

তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ জ্যোতিপ্ৰসাদ চলিহাই আনুষ্ঠানিকভাৱে উন্মোচন কৰা এই স্মৰণিকা উন্মোচনী সভাত তিনিচুকীয়াৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি প্ৰখ্যাত তথা বিশিষ্ট সমাজসেৱক চিকিৎসক গৰাকীৰ মধুৰ স্মৃতিবোৰ ৰোমন্থন কৰে। উল্লেখযোগ্য প্ৰয়াত চিকিৎসক ডা: নৰেশ্বৰ দত্ত চাবুৱা অঞ্চলৰ প্ৰথমজন চিকিৎসক আৰু তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমজন ছাত্ৰ একতা সভাৰ নিৰ্বাচিত সাধাৰণ সম্পাদক আছিল।

জীৱন কালত অসমৰ বিভিন্ন প্ৰান্তত চিকিৎসা সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত তিনিচুকীয়াত চহৰত দত্ত আই ক্লিনিক প্ৰতিষ্ঠা কৰি তিনিচুকীয়া পৌৰসভাকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল। ইপিনে এইগৰাকী মহান চিকিৎসকে চিকিৎসক সকলৰ কেইবাটাও ৰাষ্ট্ৰীয় সংগঠনৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰাৰ লগতে ২০০৬ চনত তিনিচুকীয়া জিলা প্ৰশাসনৰ পৰা বৰ্ষশ্ৰেষ্ঠ সমাজসেৱক সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। কালি বিয়লি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিধায়ক পুলক গোহাঁই তেখেতৰ গৃহত উপস্থিত হৈ তেখেতৰ প্ৰতিচ্ছবিত সেৱা জনাই এয়া সমগ্ৰ জিলাখনৰ বাবে এক বৃহৎ ক্ষতি বুলি অনুভৱ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande