ভালুকমাৰী দলঙৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী কিশোৰী
ধুবুৰী, ১৩ জুন (হি.স.)। বিলাসীপাৰাৰ ভালুকমাৰীত নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ভালুকমাৰী দলঙৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী কিশোৰী । কোনো দুষ্কৃতিকাৰীয়ে নিশা কিশোৰী গৰাকীক পথৰ দাঁতিত পেলাই থৈ যায় । কিশোৰী গৰাকীক ধৰ্ষণ কৰি এইদৰে অচেতন অ
ভালুকমাৰী দলঙৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী কিশোৰী


ধুবুৰী, ১৩ জুন (হি.স.)। বিলাসীপাৰাৰ ভালুকমাৰীত নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

ভালুকমাৰী দলঙৰ কাষত অচেতন অৱস্থাত উদ্ধাৰ এগৰাকী কিশোৰী ।

কোনো দুষ্কৃতিকাৰীয়ে নিশা কিশোৰী গৰাকীক পথৰ দাঁতিত পেলাই থৈ যায় ।

কিশোৰী গৰাকীক ধৰ্ষণ কৰি এইদৰে অচেতন অৱস্থাত পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ ।

পিছত নিশাই সাপটগ্ৰাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে কিশোৰী গৰাকীক ।

পিছত কিশোৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে ।

কিশোৰী গৰাকীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এখন আধাৰ কাৰ্ড ।

আধাৰ কাৰ্ডৰ ঠিকনা মতে কিশোৰী গৰাকী বি টি এ ডি'ৰ তুলসী বিলৰ টেঙেনাৰভিটা গাঁৱৰ ।

কোনে কি কাৰনত কিশোৰী গৰাকীক অচেতন অৱস্থাত পেলাই থৈ গৈছে সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব যদিও ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে ৰাইজৰ লগতে সাপটগ্ৰাম আক্ৰাছুৱে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande