ধুবুৰীত চোৰাং গো-ধন সৰবৰাহ কৰা এখন চাৰিচকীয়া বাহন জব্দ আৰক্ষীৰ
ধুবুৰী, ১২ জুন (হি.স.)। ধুবুৰীত চোৰাং গো-ধন সৰবৰাহ কৰা এখন চাৰিচকীয়া বাহন জব্দ কৰে ধুবুৰী আৰক্ষীয়ে। গৰাকীবিহীন বাহন খনত উদ্ধাৰ চোকা অস্ত্ৰ। বাহন খনৰ ভিতৰৰ আসনত গৰুৰ গোবৰ আৰু মূত্ৰৰে লেতেৰা হৈ থকা বাহন খনত চোৰাং গৰু সৰবৰাহ সন্দেহ কৰিছে আৰক্ষীয়ে।

দীৰ্ঘদিন ধৰি উক্ত বাহনৰ যোগেদি গোধন সৰবৰাহৰ কৰাৰ অভিযোগ আৰক্ষীৰ। আই ২০ চাৰিচকীয়া বাহন খনৰ নম্বৰ হৈছে এএছ ২৬বি ২৩২৮।

গোপন খবৰৰ ভিত্তিত ধুবুৰী ঝগৰাৰপাৰ ষ্টেডিয়ামৰ কাষত আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ বাহন খন জব্দ কৰে কৰি থানাত লৈ গৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু

 rajesh pande