
বঙাইগাঁও, ১২ জুন (হি.স.)। বঙাইগাঁও জিলাৰ কীৰ্ত্তনপাৰা বজাৰত কালি নিশা ৰাইজে অবৈধ ছিলিণ্ডাৰৰ সন্দেহত গাড়ী এখন আবদ্ধ কৰি ৰাখে আৰু বৰঘোলা আৰক্ষীক খবৰ দিয়ে ।যি সময়ত এটা ছিলিণ্ডাৰৰ বাবে হাহাকাৰ কৰিছে জনতা ।
ছিলিণ্ডাৰৰ নাটনিৰ বাবে বহু হোটেল ৰেষ্টুৰা বন্ধ হোৱাৰ উপক্ৰম হৈছে তেনে সময়ত চিৰাং জিলাৰ পানবাৰীৰ ডি ডব্লিউ আই এইছ পি গেছ এজেন্সিয়ে কেনেকৈ অভয়াপুৰী ডুমুৰীয়াৰ ছালাম নামৰ ব্যক্তিজনলৈ ৬০টাকৈ ছিলিণ্ডাৰ পঠিয়ালে ।ছিলিণ্ডাৰৰ কলা বজাৰত এটা ছিলিণ্ডাৰ মূল্য ১৫০০-২০০০টকালৈ বিক্ৰী হয় । এই কলা বজাৰত ছিলিণ্ডাৰসমূহ বিক্ৰী কৰাৰ সন্দেহ ৰাইজৰ ।আনহাতে, বৰঘোলা আৰক্ষীয়ে নিশা অবৈধ তীৰ খেলৰ সৈতে জড়িত তিনিজনক আটক কৰিছে আৰু ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ গাড়ী এখন জব্দ কৰাৰ বাতৰি সংগ্ৰহত বাধা অভয়াপুৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনিময় তামুলীৰ । ঘটনা সন্দৰ্ভত ৰহস্যজনক ভূমিকা আৰক্ষীৰ ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ