মাহমৰা সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক শিক্ষকে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ
মাহমৰা সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে।
মাহমৰা সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক শিক্ষকে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ


চৰাইদেউ, ১২ জুন (হি.স.): চৰাইদেউ জিলাৰ মাহমৰা সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ উঠিছে শিক্ষকৰ বিৰুদ্ধে । চৰাইদেউ জিলাৰ সোণাৰী শিক্ষাখণ্ড (চেপন) অন্তৰ্গত সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত মৰাণহাট আৰক্ষীয়ে বিদ্যালয়খনৰ শিক্ষক জিতেন বৰুৱাক স্থানীয় ৰাইজৰ অভিযোগত বিদ্যালয়খনৰ পৰা আটক কৰে।

ছাত্ৰীগৰাকীক শিক্ষক জিতেন বৰুৱাই কেইবাদিনো ধৰি অশালীন ব্যৱহাৰ কৰা বুলি ছাত্ৰীগৰাকীয়ে নিজ মাতৃ আৰু ওচৰ- চুবুৰীয়াক অৱগত কৰাৰ পিছত স্থানীয় ৰাইজ, গাওঁৰক্ষী বাহিনী, স্থানীয় গাওঁবুঢ়া, ৱাৰ্ড সদস্যৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি উপস্থিত হৈ যোৱা কালি বৃহস্পতিবাৰে বিয়লি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande