আৰএছএছৰ মুৰব্বী মোহন ভাগৱত ভ্ৰমণ কৰি থকা শতাব্দী এক্সপ্ৰেছত শিলাবৰ্ষণ
ফিৰোজাবাদ, ১২ জুন (হি.স.)। উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ ৰেলৱে ষ্টেচনৰ সমীপৰ লক্ষ্ণৌ শতাব্দী এক্সপ্ৰেছত বৃহস্পতিবাৰে সন্ধিয়া শিলগুটি নিক্ষেপ কৰা হয়। সেই সময়ত ৰে’লত যাত্ৰা কৰি আছিল আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত। আৰক্ষীয়ে গভীৰ নিশালৈকে ঘটনাস্থলীৰ চাৰিওফা
मौके पर जांच करती पुलिस


सीसीटीवी खंगालती पुलिस


ফিৰোজাবাদ, ১২ জুন (হি.স.)। উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ ৰেলৱে ষ্টেচনৰ সমীপৰ লক্ষ্ণৌ শতাব্দী এক্সপ্ৰেছত বৃহস্পতিবাৰে সন্ধিয়া শিলগুটি নিক্ষেপ কৰা হয়। সেই সময়ত ৰে’লত যাত্ৰা কৰি আছিল আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত। আৰক্ষীয়ে গভীৰ নিশালৈকে ঘটনাস্থলীৰ চাৰিওফালে তালাচী চলাই বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

লক্ষ্ণৌৰ পৰা দিল্লীলৈ যোৱা শতাব্দী এক্সপ্ৰেছত শিলগুটি নিক্ষেপ কৰাৰ খবৰ ওলাইছে। বৃহস্পতিবাৰে সন্ধিয়া মাখনপুৰ আৰু ফিৰোজাবাদ ৰে’ল ষ্টেচনৰ মাজৰ পামেশ্বৰ গেটৰ সমীপত অচিনাক্ত দুষ্কৃতিকাৰীয়ে ৰে’লখনক লক্ষ্য কৰি লয়। এই ঘটনাই ৰে’ল প্ৰশাসন আৰু নিৰাপত্তা সংস্থাৰ মাজত আতংকৰ সৃষ্টি কৰে। আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেও একেখন ৰেলতে যাত্ৰা কৰিছিল। কানপুৰত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি লক্ষ্ণৌ শতাব্দী এক্সপ্ৰেছত দিল্লীলৈ গৈ আছিল। এই ঘটনাত আৰ এছ এছৰ মুৰব্বীজনৰ কোনো ক্ষতি হোৱা নাই, আন কোনো যাত্ৰী আহত হোৱা নাই।

টুণ্ডলা ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে আৰ পি এফৰ পৰিদৰ্শক অৱাধেশ গোস্বামী আৰু তেওঁৰ দলটোৱে কোচটো পৰিদৰ্শন কৰে। তদন্তত নিশ্চিত কৰা হৈছে যে কেৱল বাহিৰৰ কাঁচখনহে ভাঙি গৈছে, আৰু সকলো যাত্ৰী নিৰাপদ। এই ঘটনাৰ পিছতে জ্যেষ্ঠ আৰক্ষী বিষয়া, এল আই ইউ আৰু অন্যান্য সংস্থাই ঘটনাস্থলীত চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰে।

ৰেলৱেৰ বিষয়াসকলে জনোৱা মতে, আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে ই-১ ডবাত যাত্ৰা কৰি আছিল। তেওঁ ৩৯ আৰু ৪০ নম্বৰৰ আসনত উপবিষ্ট আছিল ।

এই সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আদিত্য লংঘে শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে। বিষয়টোৰ তদন্তৰ বাবে ৭টা আৰক্ষীৰ দল গঠন কৰা হৈছে। চিচিটিভিৰ ফুটেজ পৰ্যালোচনা কৰা হৈছে। গোচৰটোৰ তদন্ত কৰি কোনো দোষী সাব্যস্ত হ’লে গ্ৰেপ্তাৰ কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande