
কামৰূপ, ১২ জুন (হি.স.)। হাজো আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি হাজো থানাৰ অন্তৰ্গত বেজপাৰাত গৰু চোৰৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে বেজপাৰা নিবাসী জেহেৰুল আলীৰ ঘৰৰ পৰা দুটাকৈ চুৰি গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই আন্ধাৰৰ সুযোগ লৈ চোৰৰ দলটোৱে পলায়ন কৰে।
ইতিমধ্যে মূল অভিযুক্ত দিলোৱাৰ আলী ওৰফে দিলুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এখন বিলাসী বাহনত বজ্ৰংবলীৰ প্ৰতীক চিহ্ন লগাই অতি কৌশলেৰে গৰু চুৰি কৰে গৰু চুৰি চক্ৰই । দীৰ্ঘদিন ধৰি গৰু চুৰি এটা চক্ৰই নিদ্ৰা হৰণ কৰি আহিছিল সাধাৰণ ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ