
চিৰাং, ১২ জুন (হি.স.)। বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অৰূপ কুমাৰ দে'ৰ মহানুৱতা । বিশেষভাৱে সক্ষম দুগৰাকী ব্যক্তিক হুইল চিয়াৰৰ যোগান ধৰে বিধায়ক অৰূপ কুমাৰ দে'ই।
বিজনী বিধানসভা সমষ্টিৰ পানবাৰী অঞ্চলৰ বগীদৱাৰা গাৱৰ মৃত প্ৰমোদ ৰয়ৰ ২০ বছৰীয়া পুত্ৰ শ্ৰীকান্ত ৰয় আৰু গুৰুবদৱাৰা গাৱৰ মৃত কৃষ্ণ কলিতাৰ ৪৫ বছৰীয়া পুত্ৰ গৌতম কলিতা নামৰ দুগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিৰ কাষত থিয় দি বিধায়ক অৰূপ কুমাৰ দে'ই দুয়োকে প্ৰদান কৰিলে হুইল ছিয়াৰ। ইয়াৰ উপৰিও কিছুদিন পূৰ্বে অৰূপ কুমাৰ দে'ৰ মাতৃৰ সৈতে বৃদ্ধ-বৃদ্ধা বৈষ্ণৱপন্থী ২২ গৰাকী আই মাতৃক মঠ মন্দিৰ ভ্ৰমণৰ বাবেও সা সুবিধা কৰি দিছিল নৱনিৰ্বাচিত বিধায়ক গৰাকীয়ে। এই ২২ গৰাকী আইমাতৃক ৰেল যোগে ময়াপুৰ নৱদ্বীপ ধাম দৰ্শনৰ সা সুবিধা কৰি দিয়ে বিধায়ক অৰূপ কুমাৰ দে'ই। বিধায়ক গৰাকীৰ এই কাৰ্য্যক সকলোৱে এতিয়া শলাগিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ