অসমৰ লোকপিয়ল ২০২৭ৰ বাবে আয়োজিত মাষ্টাৰ প্ৰশিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সমাপ্ত
গুৱাহাটী, ১২ জুন (হি.স.)। গুৱাহাটীৰ লামাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত (আই আই ই) প্ৰথম পৰ্যায়ৰ লোকপিয়ল ২০২৭ হাউছলিষ্টিং অপাৰেচন (এইচ এল অ’)ৰ বাবে চাৰিদিনীয়াকৈ আয়োজন কৰা আৱাসিক মাষ্টাৰ ট্ৰেইনাৰ্ছ প্ৰশিক্ষণ কাৰ্যসূচী আজি সফলতাৰে সামৰণি পৰে
অসমৰ লোকপিয়ল ২০২৭ৰ বাবে আয়োজিত মাষ্টাৰ প্ৰশিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সমাপ্ত


গুৱাহাটী, ১২ জুন (হি.স.)। গুৱাহাটীৰ লামাটিস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানত (আই আই ই) প্ৰথম পৰ্যায়ৰ লোকপিয়ল ২০২৭ হাউছলিষ্টিং অপাৰেচন (এইচ এল অ’)ৰ বাবে চাৰিদিনীয়াকৈ আয়োজন কৰা আৱাসিক মাষ্টাৰ ট্ৰেইনাৰ্ছ প্ৰশিক্ষণ কাৰ্যসূচী আজি সফলতাৰে সামৰণি পৰে।

২০২৬ চনৰ ৯ জুনৰ পৰা ১২ জুনলৈ অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিভিন্ন জিলাৰ ৪৪ জন বিষয়া আৰু লোকপিয়ল পৰিচালনা সঞ্চালকলয়,অসমৰ ১৫ জন বিষয়াকে ধৰি মুঠ ৫৯ জন মাষ্টাৰ ট্ৰেইনাৰক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষকসকলে পৰৱৰ্তী সময়ত ১১০৯ জন সংশ্লিষ্ট জিলাৰ ক্ষেত্ৰ প্ৰশিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰিব।অসমত ২০২৭ চনৰ লোকপিয়লৰ ফলপ্ৰসূ পৰিচালনাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি ৮৩.৫৩৫ জন গণনাকাৰী আৰু তত্বাৱধায়কক অধিক প্ৰশিক্ষণ প্ৰদান কৰিব।

এই প্ৰশিক্ষন কাৰ্যসূচীত লোকপিয়লৰ ধাৰণা আৰু সংজ্ঞা, ক্ষেত্ৰ পদ্ধতি, তত্বাৱধান ব্যৱস্থাকে ধৰি হাউছলিষ্টিং আৰু হাউছিং লোকপিয়লৰ কাৰ্য্যকলাপৰ মূল দিশসমূহ সামৰি লোৱা হৈছিল। ক্ষেত্ৰ ভ্ৰমণ, প্ৰদৰ্শন, গোট আলোচনা, আৰু মক প্ৰশিক্ষণ ছেছনৰ জৰিয়তে ব্যৱহাৰিক অনুশীলনও অনুষ্ঠিত কৰা হৈছিল যাতে অংশগ্ৰহণকাৰীসকলৰ কেছকেডিং প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰাৰ ক্ষমতা শক্তিশালী হয়।

এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বিভিন্ন ছেছনৰ নেতৃত্বত চাৰিজন ৰাষ্ট্ৰীয় প্ৰশিক্ষক ক্ৰমে লোকপিয়ল পৰিচালনা সঞ্চালকাল়য়,অসমৰ যুটীয়া সঞ্চালক বিকাশ নাথ, আৰু সহকাৰী সঞ্চালক নয়নমনি গগৈয়ে অংশগ্ৰহণ কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক উৎপল শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক মোঃ চফিখুৰ ৰহমানে অংশ গ্ৰহণ কৰে

এই প্ৰশিক্ষন কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালক তথা মুখ্য প্ৰধান লোকপিয়ল বিষয়া বিশ্বজিৎ পেগুৱে অংশগ্ৰহণকাৰী প্ৰশিক্ষক সকলক অভিনন্দন জনাই সমগ্ৰ ৰাজ্যতে উচ্চমানৰ আৰু একেধৰণৰ প্ৰশিক্ষণ নিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব বুলি অৱগত কৰে ।তেওঁ লগতে লোকপিয়লৰ গুৰুত্ব আৰোপ কৰি শুদ্ধতা আৰু পেছাদাৰীতাৰ উচ্চতম মানদণ্ড বজাই ৰাখি ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আহ্বান জনায়। আনহাতে ৰাজ্য চৰকাৰৰ লোকপিয়ল ২০২৭ৰ ন’ডেল বিষয়া তথা অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব পাৰ্থ পেগুৱে অংশগ্ৰহণকাৰীসকলক নিষ্ঠা আৰু অধ্যৱসায়েৰে নিজৰ দায়িত্ব পালন কৰিবলৈ উৎসাহিত কৰে। ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ ফেকাল্টি মেম্বাৰ এ.এছ.এছ.দেৱানেও অংশগ্ৰহণকাৰীসকলক লোকপিয়লৰ সফল পৰিচালনাৰ বাবে সমন্বয় আৰু দলীয় কামৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে।তেওঁলোকৰ দিহা-পৰামৰ্শ আৰু উৎসাহে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ তাৎপৰ্য বৃদ্ধি কৰাৰ লগতে অংশগ্ৰহণকাৰীসকলক আগন্তুক কামৰ বাবে প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে।লোকপিয়ল সঞ্চালকালয় ,অসমৰ উপ-মহাপঞ্জীয়ক ভাৰতী চন্দা আৰু যুটীয়া সঞ্চালক ড০ নিজৰা শৰ্মাইও এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে।

সামৰণি অনুষ্ঠানৰ সময়ত সকলো অংশগ্ৰহণকাৰীকে সফলতাৰে সম্পূৰ্ণ কৰাৰ প্ৰমাণ পত্ৰও বিতৰণ কৰা হয়। অংশগ্ৰহণকাৰীসকলে প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যাপক আৰু পাৰস্পৰিক প্ৰকৃতিৰ বাবে প্ৰশংসা প্ৰকাশ কৰাৰ লগতে বিশেষকৈ ব্যৱহাৰিক অধিবেশন আৰু ডিজিটেল প্ৰয়োগৰ সৈতে হাতে কামে পৰিচিত হোৱাৰ বাবে আগন্তুক দিনত ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰাত যথেষ্ট সহায়ক হব বুলি মত প্ৰকাশ কৰে।

সমগ্ৰ কাৰ্যসূচীটোত প্ৰশিক্ষাৰ্থীসকলৰ উৎসাহী অংশগ্ৰহণ আৰু সক্ৰিয় আত্মনিয়োগে ২০২৭ চনৰ লোকপিয়ল সফল পৰিচালনাৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছিল।এই কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ লগে লগে আগন্তুক লোকপিয়লৰ বাবে সাজু হোৱাৰ ক্ষেত্ৰত অসমে এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিব। প্ৰশিক্ষিত মাষ্টাৰ প্ৰশিক্ষকসকলে এতিয়া সমগ্ৰ ৰাজ্যজুৰি সামৰ্থ্য বিকাশৰ পৰৱৰ্তী পৰ্যায়ৰ পদক্ষেপৰ নেতৃত্ব দিব, যিয়ে এক ব্যাপক, সঠিক, আৰু প্ৰযুক্তি-সক্ষম লোকপিয়ল ২০২৭ৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande