
নতুন দিল্লী, ১২ জুন (হি.স.)। টাটা মটৰ্ছ লিমিটেডে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ আভ্যন্তৰীণ দহন ইঞ্জিন (আইচিই) আৰু ইলেক্ট্ৰিক বাহন (ইভি)কে ধৰি যাত্ৰীবাহী বাহনৰ মূল্য ১.৫% বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।
শুকুৰবাৰে ষ্টক এক্সচেঞ্জত নিয়ন্ত্ৰণমূলক ফাইলিঙত টাটা মটৰ্ছে কয় যে কেঁচামালৰ ব্যয় বৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ চাপৰ প্ৰভাৱ আংশিকভাৱে ক্ষতিপূৰণৰ বাবে এই মূল্য পুনৰীক্ষণ কৰা হৈছে। মডেল আৰু ভেৰিয়েন্ট অনুসৰি মূল্যৰ পৰিৱৰ্তন ভিন্ন হ’ব।
কোম্পানীটোৱে এক বিবৃতিত কয় যে টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছে এই খৰচ বৃদ্ধিৰ এক উল্লেখযোগ্য অংশ শোষণ কৰি আছে যদিও ইয়াৰ কিছু প্ৰভাৱ এই মূল্য সালসলনিৰ জৰিয়তে গ্ৰাহকলৈও প্ৰেৰণ কৰা হৈছে। কোম্পানীটোৱে লগতে কয় যে মডেল আৰু ভেৰিয়েণ্টৰ মাজত মূল্য বৃদ্ধিৰ ভিন্নতা থাকিব। ২০২৬ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া