
শ্রীভূমি, ১২জুন (হি.স.)। শ্রীভূমিৰ বদৰপুৰৰ দুখন চৰকাৰী বিদ্যালয়ত তীব্ৰ গৰমত অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি একাধিক ছাত্ৰ-ছাত্ৰী।
অসহনীয় গৰম আৰু তীব্ৰ তাপ প্ৰবাহৰ ফলত এটাৰ পিছত এটাকৈ অসুস্থ হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল। শুকুৰবাৰে দুপৰীয়া শ্রীগৌৰী হাইস্কুল আৰু মালুয়া পাব্লিক হাইস্কুলৰ কেইবাজনো ছাত্ৰ-ছাত্ৰী হঠাতে অসুস্থ হৈ পৰে।
জানিব পৰা অনুসৰি, বিদ্যালয়ত পাঠদান চলি থকা সময়ত কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে মূৰ ঘূৰণি, দুৰ্বলতা, অত্যধিক ঘাম ওলোৱা আৰু শাৰীৰিক অসুস্থতাৰ সমস্যাত ভুগিবলৈ আৰম্ভ কৰে। ইয়াৰে কেইবা জনো অচেতন হৈ পৰাত শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় লোক সকলৰ সহযোগত ততাতৈয়াকৈ
তেওঁলোকক শ্রীগৌৰী চিকিৎসালয়লৈ লৈ যোৱা হয়।
চিকিৎসালয়ত অনাৰ পিছত চিকিৎসক সকলে অসুস্থ ছাত্ৰ-ছাত্ৰী সকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। চিকিৎসক সকলৰ মতে, তীব্ৰ গৰম আৰু অত্যধিক উষ্ণতাৰ ফলত শৰীৰত পানীশূন্যতা তথা তাপ জনিত সমস্যাৰ সৃষ্টি হোৱাৰ বাবেই তেওঁলোক অসুস্থ হৈ পৰিছিল। পিছত স্বাস্থ্যৰ অৱস্থা উন্নত হোৱাত প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা তেওঁলোকক মুকলি কৰি দিয়া হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা