
নতুন দিল্লী, ১২ জুন (হি.স.)। ভাৰতৰ কিংবদন্তি শ্বুটিং প্ৰশিক্ষক তথা প্ৰাক্তন তাৰকা শ্বুটাৰ জছপাল ৰানাৰ বৃহস্পতিবাৰে গভীৰ নিশা নতুন দিল্লীৰ সাকেটৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৪৯ বছৰ। তেওঁৰ মৃত্যুৱে ভাৰতীয় ক্ৰীড়া জগত বিশেষকৈ শ্বুটিং সম্প্ৰদায়ৰ মাজত শোকৰ লহৰ সৃষ্টি কৰিছে।
খবৰ অনুসৰি শেহতীয়াকৈ জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত হোৱা আই এছ এছ এফ বিশ্বকাপৰ পৰা ভাৰতীয় দলটোৰ সৈতে উভতি অহাৰ সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ পিছত তেওঁৰ হৃদযন্ত্ৰৰ চিকিৎসা কৰা হয়, য’ত ষ্টেণ্ট সংৰোপন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ ভাৰতৰ পিষ্টল শ্বুটিং দলৰ উচ্চ ক্ষমতাসম্পন্ন প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
ভাৰতীয় শ্বুটিঙত জছপাল ৰাণাক অন্যতম প্ৰভাৱশালী নাম হিচাপে গণ্য কৰা হৈছিল। প্ৰশিক্ষক হিচাপে তেওঁ কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক প্ৰস্তুত কৰিছিল আৰু ভাৰতীয় শ্বুটিংক নতুন উচ্চতালৈ লৈ গৈছিল। তেওঁৰ নিৰ্দেশনাত মনু ভাকেৰে ২০২৪ চনৰ পেৰিছ অলিম্পিকত দুটা পদক লাভ কৰি ইতিহাস ৰচনা কৰিছিল। স্বাধীন ভাৰতৰ পৰা একেখন অলিম্পিকতে দুটা পদক লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয়।
এথলীট হিচাপেও জছপাল ৰানাৰ এক উল্লেখযোগ্য কেৰিয়াৰ আছিল। কমনৱেলথ গেমছৰ ইতিহাসত তেওঁ ভাৰতৰ অন্যতম সফল খেলুৱৈ আছিল। তেওঁ চাৰিটা সংস্কৰণত মুঠ ১৫টা পদক লাভ কৰে, য’ত ৯টা সোণ, ৪টা ৰূপ, আৰু ২টা ব্ৰঞ্জৰ পদক লাভ কৰে।
প্ৰতিযোগিতামূলক কেৰিয়াৰৰ পিছত তেওঁ প্ৰশিক্ষকক নিজৰ মিছন হিচাপে গঢ়ি তুলিছিল আৰু মনু ভাকেৰ, সৌৰভ চৌধুৰী, অনিশ ভানৱালা, চিংকি যাদৱকে ধৰি বহু প্ৰতিভাৱান শ্বুটাৰক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল।
ভাৰতীয় ক্ৰীড়া আৰু খেলুৱৈ বিকাশৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ২০২০ চনত দেশৰ সন্মানীয় দ্ৰোনাচাৰ্য বঁটাৰে সন্মানিত কৰা হয়।
জছপাল ৰানাৰ বিয়োগ ভাৰতীয় শ্বুটিঙৰ বাবে ক্ষতি বুলি গণ্য কৰা হৈছে যিটো দীৰ্ঘদিনলৈ অপূৰণীয় হৈ থাকিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া