ফিফা বিশ্বকাপঃ হৱাং ইন-বিউমৰ অল ৰাউণ্ড প্ৰদৰ্শনৰ বলত দক্ষিণ কোৰিয়াৰ চেক গণৰাজ্যক ২-১ গ’লত পৰাজিত
গুৱাডালাজাৰা, ১২ জুন (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ আজি অনুষ্ঠিত হোৱা খেল এখনত দক্ষিণ কোৰিয়াই চেক গণৰাজ্যক ২-১ গ’লত পৰাস্ত কৰি উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত হৱাং ইন-বিউমৰ অল
फीफा विश्व कप में दक्षिण कोरिया ने चेक गणराज्य को हराया


গুৱাডালাজাৰা, ১২ জুন (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ আজি অনুষ্ঠিত হোৱা খেল এখনত দক্ষিণ কোৰিয়াই চেক গণৰাজ্যক ২-১ গ’লত পৰাস্ত কৰি উল্লেখযোগ্য প্ৰত্যাৱৰ্তন কৰে। ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে পুৱা গুৱাডালাজাৰা ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত হৱাং ইন-বিউমৰ অল ৰাউণ্ড প্ৰদৰ্শন কৰি এটা গল দিয়াৰ উপৰি আন এটা গল দিয়াত সহায় কৰে।

প্ৰথমাৰ্ধত দুয়োটা দলে আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব নোৱাৰিলে, আৰু দৰ্শকে হতাশা প্ৰকাশ কৰে। প্ৰথমাৰ্ধত গ’লবিহীন খেলৰ অন্তত দ্বিতীয়াৰ্ধত খেলখন প্ৰাণ পাই উঠিল।

৫৯ মিনিটত চেক গণৰাজ্যই অগ্ৰগতি লাভ কৰে। পেনাল্টি এৰিয়াৰ পৰা লং থ্ৰ’ ইনক হেডাৰেৰে ৰূপান্তৰিত কৰি অধিনায়ক লাডিছলাভ ক্ৰেজিয়ে দলটোক ১-০ গ’লত অগ্ৰগতি প্ৰদান কৰে।

অৱশ্যে দক্ষিণ কোৰিয়াই অতি সোনকালেই প্ৰত্যাক্ৰমণ কৰে আৰু ৬৭ মিনিটত হাৱাং ইন-বিউমে চমৎকাৰ ব্যক্তিগত দক্ষতা প্ৰদৰ্শন কৰি দুজন ডিফেণ্ডাৰৰ কাষেৰে ড্ৰিবলিং কৰি এটা সুন্দৰ গ’ল দি স্ক’ৰ সমতা স্থাপন কৰে।

৮০ মিনিটত হাৱাঙে সোঁফালৰ পৰা এটা চমৎকাৰ ক্ৰছ প্ৰদান কৰে, যিটো ক্ৰছ অহ হিয়েন-গিউৱে গ’ললৈ ৰূপান্তৰিত কৰি দক্ষিণ কোৰিয়াক নিৰ্ণায়ক অগ্ৰগতি প্ৰদান কৰে।

তাৰকা ফৰৱাৰ্ড ছন হেউং-মিনৰ নেতৃত্বত দক্ষিণ কোৰিয়াই গোটেই মেচখন বলৰ নিয়ন্ত্ৰণ বজাই ৰাখিছিল আৰু চেক দলটোক ধাৰাবাহিকভাৱে হেঁচা প্ৰয়োগ কৰিছিল। ফিফা ৰেংকিঙত ২৫ নম্বৰ স্থানত থকা কোৰিয়াই ৩৮ নং ৰেংকিঙৰ চেক দলতকৈ অধিক সুযোগ সৃষ্টি কৰি শেষত জয়লাভ কৰে।

২০০৬ চনৰ পিছত চেক গণৰাজ্যৰ এইটোৱেই আছিল প্ৰথমখন বিশ্বকাপ খেল, কিন্তু দলটোৱে পুনৰ উভতি অহাত ব্যৰ্থ হয়।

ষ্টেডিয়ামখনত ৪৫,৬৬৪ জন লোকৰ ক্ষমতা থকাৰ পাছতো বহু অঞ্চলত আসন খালী যেন লাগিলেও আনুষ্ঠানিকভাৱে ৪৪,৯৮৫ জন লোকৰ উপস্থিতি লাভ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande