
গোলাঘাট, ১২ জুন (হি.স.)। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে অবৈধ সুৰাৰ লগতে, নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ পাছতে এতিয়া তৎপৰ হৈছে সৰুপথাৰ সম জিলাৰ আৱকাৰী বিভাগ । বিগত দিনসমূহত অবৈধ সুৰাৰ,চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই ২২ টাকৈ গোচৰ ৰজু কৰাৰ লগতে ২ জনক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়।
আনহাতে ৬৭ লিটাৰ চুলাই মদ, ২০০০ অধিক লিটাৰ ফাৰ্মেন্টেড ৱাচ নস্ত কৰাৰ লগতে মদ প্ৰস্তুত কৰণত ব্যবহৃত বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে অনাগত দিন সমূহতো অবৈধ চুলাই মদৰ বিৰুদ্ধে সমজিলা খনৰ বিভিন্ন প্ৰান্তত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি বিভাগীয় কৰ্তৃপক্ষ তৰফৰ পৰা জানিব দিয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু