এটাৰ পিছত আন এটা চুৰি কাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ ৰঙিয়া
কামৰূপ, ১২ জুন (হি.স.)। এটাৰ পিছত আন এটা চুৰি কাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ ৰঙিয়া।চোৰৰ টাৰ্গেট হৈ পৰিছে এতিয়া ব্যৱসায়িক প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠান।একাংশ ড্ৰাগছ আসক্ত জড়িত হৈ পৰিছে এতিয়া চুৰিকাণ্ডত সন্দেহ একাংশ ৰাইজৰ।পুনৰ নিশা অনুৰূপ ঘটনা সংঘট
এটাৰ পিছত আন এটা চুৰি কাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ ৰঙিয়া


কামৰূপ, ১২ জুন (হি.স.)। এটাৰ পিছত আন এটা চুৰি কাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ ৰঙিয়া।চোৰৰ টাৰ্গেট হৈ পৰিছে এতিয়া ব্যৱসায়িক প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠান।একাংশ ড্ৰাগছ আসক্ত জড়িত হৈ পৰিছে এতিয়া চুৰিকাণ্ডত সন্দেহ একাংশ ৰাইজৰ।পুনৰ নিশা অনুৰূপ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ ২ নং ৱাৰ্ডৰ ফাতিমা কণভেণ্ট বিদ্যালয়ৰ সমীপৱৰ্তী মুন ভেৰাইটি শীৰ্ষক ব্যৱসায়িক প্ৰতিষ্ঠান খনত।

আজি পুৱাৰ ভাগত গৰাকী নুৰুৰ ইছলামে দোকান খুলিবলৈ আহি প্ৰত্যক্ষ কৰে তিনিটাকৈ তলা ভাঙি চোৰে চলোৱা লুটপাতৰ দৃশ্য।চোৰে দোকানখনৰ পৰা নগদ ধন সহ মূল্যবান সামগ্ৰী লুট কৰি নিৰ্বিঘ্নে পলাই সাৰিবলৈ সক্ষম হয়। বৰ্তমান ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ব্যৱসায়ী নুৰুল ইছলামে। উল্লেখযোগ্য যে ৰঙিয়াত দৈনিক সংঘটিত হ'বলৈ ধৰিছে এটাৰ পিছত এটাকৈ চুৰি কাৰ্য্যৰ ঘটনা।দাখিল কৰা হৈছে এখনৰ পিছত আন এখন এজাহাৰ।কিন্তু আৰক্ষীয়ে লাভ কৰা নাই অধিকাংশ ঘটনাৰ চোৰৰ সন্ধান।ধন সম্পত্তিৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে এতিয়া ৰঙিয়াৰ জনসাধাৰণ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande