ঢেকীয়াজুলি আৰু ৰাক্ষসমাৰী কৃষি চক্ৰৰ উদ্যোগত কৃষক সকলক শালি ধানৰ বীজ বিতৰণ কাৰ্যসূচী
শোণিতপুৰ, ১২ জুন (হি.স.)। আজি ১২ জুন শুকুৰবাৰে ঢেকিয়াজুলি কৃষি চক্ৰ আৰু ৰাক্ষসমাৰী কৃষি চক্ৰৰ উদ্যোগত ঢেকিয়াজুলিত কৃষক সকলক শালি ধানৰ বীজ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।লগতে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ শুভাৰম্ভনী কৰা হয়।প্ৰধানমন্ত্ৰী ফচল বীমা যো
ঢেকীয়াজুলি আৰু ৰাক্ষসমাৰী কৃষি চক্ৰৰ উদ্যোগত কৃষক সকলক শালি ধানৰ বীজ বিতৰণ কাৰ্যসূচী


শোণিতপুৰ, ১২ জুন (হি.স.)। আজি ১২ জুন শুকুৰবাৰে ঢেকিয়াজুলি কৃষি চক্ৰ আৰু ৰাক্ষসমাৰী কৃষি চক্ৰৰ উদ্যোগত ঢেকিয়াজুলিত কৃষক সকলক শালি ধানৰ বীজ বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।লগতে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ শুভাৰম্ভনী কৰা হয়।প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষক সকল উপকৃত হ'ব বুলি মন্তব্য কৰে ঢেকিয়াজুলি কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া তৃষ্ণাংগু কাশ্যপে।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত খেতিৰ বাবে কৃষকে ক্ষতিপূৰণ লাভ কৰিব।যেনে-খৰাং,বানপানী,পুক পৰুৱাৰ দ্বাৰা ক্ষতি,শিলাবৃষ্টি আদিৰ দ্বাৰা খেতি নষ্ট হলে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষকে ক্ষতিপূৰণ লাভ কৰিব।আজি ডেৰ শতাধিকৰ অধিক কৃষক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত অন্তর্ভুক্ত হয়।আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে পানবাৰী জিলা পৰিষদ মিশ্বনা তিৰ্কী তাঁতী,ঢেকিয়াজুলি কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া তৃষ্ণাংগু কাশ্যপ, ৰাক্ষসমাৰী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া জুৰীতি শৰ্মা,ঢেকিয়াজুলি তথা ৰাক্ষসমাৰী কৃষি চক্ৰ অন্তৰ্গত সকলো কৃষি সম্প্ৰসাৰণ সহায়ক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande