গহপুৰত পথ দুৰ্ঘটনাত আহত ট্ৰাক চালক
পথৰ ওপৰত বাগৰি পৰিল Flipkart কঢ়িয়াই অনা ট্ৰাক।
গহপুৰত পথ দুৰ্ঘটনাত আহত ট্ৰাক চালক


বিশ্বনাথ, ১২ জুন (হি.স.): অসম অৰুণাচল সংযোগী খেৰণী গেটত আজি শুকুৰবাৰে পুৱতি নিশা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথৰ ওপৰত বাগৰি পৰে অনলাইন সামগ্ৰী প্ৰদানকাৰী প্ৰতিষ্ঠান ফ্লিপকাৰ্ট (Flipkart)ৰ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাক। এই পথ দুৰ্ঘটনাত গাড়ীৰ চালকজনৰ অৱস্থা সংকটজনক হৈ পৰে।

জানিব পৰামতে, ৰৌতাৰ পৰা অসম অৰুণাচল সীমান্তৱৰ্তী ৰাজগড়লৈ ফ্লিপকাৰ্টৰ সামগ্ৰী কঢ়িয়াই আনিছিল এএছ ০১ পিচি ৩৪৪৫ নম্বৰৰ ট্ৰাক খনে। তীব্ৰ গতিত অহা ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰৰ ৰেলিং ভাঙি পথৰ মাজতে বাগৰি পৰে ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ট্ৰাক চালক জন। সংকটজনক অৱস্থাত ট্ৰাক চালক জনক উদ্ধাৰ কৰি ততাতৈয়াকৈ গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande