
তামুলপুৰ, ১২ জুন (হি.স.): তামুলপুৰৰ ধমধমাত যোৱা কালি বৃহস্পতিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা এগৰাকী স্কুলীয়া ছাত্ৰীৰ ।
বিদ্যালয় ছুটীৰ পিছত ঘৰ অভিমুখে গৈ থকা অৱস্থাত ধমধমা ইছলাম চুবাত এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে এগৰাকী ছাত্ৰীক খুন্দিওৱাৰ ফলত ছাত্ৰীগৰাকী গুৰুতৰ ভাৱে আহত হয় । জানিব পৰামতে এএছ ১৫ জে ৬২০৫ নম্বৰৰ গাড়ীখনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় লোকে গাড়ীখন ধৰিবলৈ সক্ষম হয় যদিও চালকজন পলায়ন কৰে । আহত ছাত্ৰীগৰাকী ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ৰিম্পী বেগম বুলি পৰিচয় পোৱা গৈছে । আহত ছাত্ৰীগৰাকীক ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নলবাৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ