অশ্বিনী বৈষ্ণৱৰ আৰ আৰ বি নিযুক্তি প্ৰক্ৰিয়াৰ পৰ্যালোচনা, স্বচ্ছতা আৰু প্ৰযুক্তিভিত্তিক নিযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ
নতুন দিল্লী, ১২ জুন (হি.স.)। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুকুৰবাৰে ৰে’লৱে নিযুক্তি ব’ৰ্ড (আৰআৰবি)ৰ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি এই প্ৰক্ৰিয়াটোক অধিক স্বচ্ছ, সঠিক আৰু প্ৰযুক্তিভিত্তিক কৰি তোলাৰ ওপৰত গুৰুত্ব
रेल मंत्री अश्विनी वैष्णव (फाइल फोटो)


নতুন দিল্লী, ১২ জুন (হি.স.)। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুকুৰবাৰে ৰে’লৱে নিযুক্তি ব’ৰ্ড (আৰআৰবি)ৰ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি এই প্ৰক্ৰিয়াটোক অধিক স্বচ্ছ, সঠিক আৰু প্ৰযুক্তিভিত্তিক কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে নতুন প্ৰযুক্তি, দ্ৰুত প্ৰক্ৰিয়া, আৰু অধিক জবাবদিহিতাৰে ৰেলৱে নিযুক্তি ব্যৱস্থাটো নিৰন্তৰ উন্নত কৰিব লাগিব।

বৈঠকত জনোৱা হয় যে ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতীয় ৰে’লৱেই ছটা ডাঙৰ শাখাত বিভিন্ন নিযুক্তি চক্ৰৰ জৰিয়তে ৪৩,৭৮১ গৰাকী প্ৰাৰ্থীক নিয়োগ কৰিছে। এই নিযুক্তিসমূহ ৪৭,০৮৪টা খালী পদৰ বাবে চলোৱা বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হৈছিল। ইয়াৰ ভিতৰত আছে ১৮,৭৯৯ জন সহকাৰী লোকো পাইলট (এ এল পি), ১৪,২৯৮ জন কাৰিকৰী, ৪৫২ জন উপ পৰিদৰ্শক, ৪,২০৮ জন কনিষ্টবল, ৭,৯৫১ জন জুনিয়ৰ ইঞ্জিনিয়াৰ/ডি এম এছ/চি এম এ, আৰু ১,৩৭৬ জন পেৰামেডিকেল পদ।

ৰে’ল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বাৰ্ষিক নিযুক্তি কেলেণ্ডাৰ আৰু ত্ৰিমাসিক খালী পদৰ অধিসূচনাসমূহে প্ৰাৰ্থীৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছে। ইয়াৰ ফলত প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰস্তুতিৰ বিষয়ে ভালদৰে পৰিকল্পনা কৰাত সহায় কৰিছে আৰু নিযুক্তি প্ৰক্ৰিয়াত অধিক স্পষ্টতা আৰু নিশ্চয়তা আনিছে।

বিভাগীয় পৰীক্ষাসমূহ সম্পূৰ্ণ কম্পিউটাৰ ভিত্তিক পৰীক্ষণ (চিবিটি) ব্যৱস্থালৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰতো অগ্ৰগতি পৰ্যালোচনা কৰে। বৈষ্ণৱে নির্দেশ দিয়ে যে য’তেই সম্ভৱ হয় তাতেই টেবলেট ভিত্তিক পৰীক্ষাৰ পৰিসৰ বৃদ্ধি কৰি নিযুক্তি প্রক্রিয়া অধিক ক্ষীপ্ৰ, ফলপ্ৰসূ, আৰু প্রার্থীৰ অনুকূল কৰি তুলিব লাগে৷

দেশৰ বিভিন্ন চহৰৰ একাধিক কেন্দ্ৰত ৰে’লৱে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথাও সভাত অৱগত কৰা হয়। বৃহৎ সংখ্যক পৰীক্ষাৰ্থীৰ স্থানৰ বাবে একাধিক শিফটত আৰু ১৫টা ভাষাত পৰীক্ষা অনুষ্ঠিত কৰা হয়, যাৰ ফলত সকলো অঞ্চলৰ পৰীক্ষাৰ্থীৰ সম সুযোগ নিশ্চিত কৰা হয়।

ৰে’ল মন্ত্ৰীগৰাকীয়ে ৰে’লৱে নিযুক্তি ব’ৰ্ডসমূহক প্ৰাৰ্থী আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে যোগাযোগ শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে নিযুক্তিৰ সৈতে জড়িত ভুল তথ্যসমূহ তৎকালীনভাৱে খণ্ডন কৰি প্ৰাৰ্থীসকলৰ ওচৰলৈ সঠিক তথ্য পোৱাটো নিশ্চিত কৰিব লাগে আৰু নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত তেওঁলোকৰ আস্থা বজাই ৰাখিব লাগে।

তেওঁ পুনৰ কয় যে ভাৰতীয় ৰে’লৱেই এক ন্যায্য, স্বচ্ছ, আৰু মেধাভিত্তিক নিযুক্তি ব্যৱস্থাৰ প্ৰতি দায়বদ্ধ আৰু প্ৰযুক্তি, পদ্ধতিগত পৰিকল্পনা, আৰু নিৰন্তৰ সংস্কাৰৰ জৰিয়তে যুৱক-যুৱতীসকলক উন্নত সুযোগ প্ৰদানৰ বাবে চেষ্টা অব্যাহত ৰাখিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande