দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডত উপস্থিত ৰাষ্ট্ৰপতি মুৰ্মু, আই এম এৰ পাছিং আউট পেৰেডত মুখ্য অতিথি হিচাপে থাকিব উপস্থিত
-জলী গ্ৰাণ্ট বিমানবন্দৰত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে আদৰণি জনায় ডেৰাডুন, ১২ জুন (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে দুদিনীয়া ভ্ৰমণৰ বাবে উত্তৰাখণ্ডত উপস্থিত হয় । জলী গ্ৰাণ্ট বিমানবন্দৰত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল গুৰমীত সিং, মুখ্যম
राष्ट्रपति का स्वागत करते राज्यपाल व मुख्यमंत्री।


-জলী গ্ৰাণ্ট বিমানবন্দৰত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে আদৰণি জনায়

ডেৰাডুন, ১২ জুন (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শুকুৰবাৰে দুদিনীয়া ভ্ৰমণৰ বাবে উত্তৰাখণ্ডত উপস্থিত হয় । জলী গ্ৰাণ্ট বিমানবন্দৰত ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল গুৰমীত সিং, মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, কেবিনেট মন্ত্ৰী মদন কৌশিক, মুখ্য সচিব আনন্দ বৰ্ধন, আৰু আৰক্ষী সঞ্চালক প্ৰধান দীপম ছেথে তেওঁক ফুলৰ থোপাৰে আদৰণি জনায়।

নিৰ্ধাৰিত সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ডেৰাডুনৰ ৰাষ্ট্ৰপতি নিকেতন ভ্ৰমণ কৰাৰ লগতে ১৩ জুনত আই এম এৰ পাছ আউট পেৰেডত অংশগ্ৰহণ কৰিব । ৰাষ্ট্ৰপতিয়ে ১৩ জুনত ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমীত অনুষ্ঠিত হ’বলগীয়া বসন্তকালীন ২০২৬ পাছ আউট পেৰেড (পি অ’ পি)ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে পেৰেড পৰ্যালোচনা কৰি নতুনকৈ প্ৰশিক্ষণপ্ৰাপ্ত কেডেটসকলৰ অভিবাদন গ্ৰহণ কৰিব।

ৰাষ্ট্ৰপতিৰ উত্তৰাখণ্ড ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ডেৰাডুনত নিৰাপত্তা কটকটীয়া কৰা হৈছে, আৰু যাতায়ত আৰু ড্ৰ’ন নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে।

এইবাৰৰ পাছিং আউট পেৰেডক বহু দিশত ঐতিহাসিক বুলি গণ্য কৰা হয়। প্ৰথমবাৰৰ বাবে আই এম এৰ প্ৰথম বেটচ মহিলা কেডেটে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি ভাৰতীয় সেনাবাহিনীত বিষয়া হিচাপে যোগদান কৰিব। এই পেৰেডত মুঠ ৫১৫ গৰাকী কেডেট উত্তীৰ্ণ হ’ব, য’ত ৪৮১গৰাকী ভাৰতীয় আৰু ৩৪গৰাকী বন্ধুত্বপূৰ্ণ দেশৰ পৰা অহা কেডেট আছে।

এই আই এম এ পেৰেডক ভাৰতীয় সেনাৰ অন্যতম সন্মানীয় সামৰিক পৰম্পৰা বুলি গণ্য কৰা হয়, য’ত কেডেটসকলে সফল প্ৰশিক্ষণৰ পিছত বিষয়া হিচাপে কমিচন লাভ কৰে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande