ডিব্ৰুগড়ৰ কন্যা পিজা ভৰালীৰ ফিফা বিশ্বকাপ ২০২৬ত গুৰুত্বপূৰ্ণ দায়িত্ব
ডিব্ৰুগড়, ১২ জুন (হি.স.)। ডিব্ৰুগড়ৰ কন্যা পিজা ভৰালীৰ বিশ্বজয়ৰ যাত্ৰা। ফিফা বিশ্বকাপ ২০২৬ত গুৰুত্বপূৰ্ণ দায়িত্ব। অসমৰ ডিব্ৰুগড়ৰ এগৰাকী কন্যাই ক্ৰীড়া জগতত গঢ়ি তুলিছে এক অনন্য পৰিচয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈৰ পৰা আৰম্ভ কৰি বিশ্বৰ
ডিব্ৰুগড়ৰ কন্যা পিজা ভৰালীৰ ফিফা বিশ্বকাপ ২০২৬ত গুৰুত্বপূৰ্ণ দায়িত্ব


ডিব্ৰুগড়, ১২ জুন (হি.স.)। ডিব্ৰুগড়ৰ কন্যা পিজা ভৰালীৰ বিশ্বজয়ৰ যাত্ৰা। ফিফা বিশ্বকাপ ২০২৬ত গুৰুত্বপূৰ্ণ দায়িত্ব।

অসমৰ ডিব্ৰুগড়ৰ এগৰাকী কন্যাই ক্ৰীড়া জগতত গঢ়ি তুলিছে এক অনন্য পৰিচয়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈৰ পৰা আৰম্ভ কৰি বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া আয়োজন সমূহত দায়িত্ব পালনলৈকে—পিজা ভৰালীৰ যাত্ৰাই আজিৰ যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰিছে। শেহতীয়াকৈ আজিৰে পৰা অনুষ্ঠিত হ'ব লগা ফিফা বিশ্বকাপ ২০২৬ৰ Fan Operations and Guest Experience টীমলৈ নিমন্ত্ৰণ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে ডিব্ৰুগড় তথা অসমলৈ।

ডিব্ৰুগড়ৰ দীপক কুমাৰ ভৰালী আৰু নিবামণি ভৰালীৰ কন্যা পিজা ভৰালী বৰ্তমান আমেৰিকাৰ চিকাগোত বাস কৰে। শৈশৱৰ পৰাই ক্ৰীড়াৰ প্ৰতি গভীৰ অনুৰাগ থকা পিজাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ হিচাপে সফলতা লাভ কৰিছিল।

অলিম্পিয়ান চাইনা নেহৱালৰ সৈতে যুটীয়াভাৱে ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ ডাবলছ শাখাত খিতাপ জয় কৰি তেওঁ দেশজুৰি সুনাম অৰ্জন কৰিছিল।

চিকাগোৰ ডেপোল ইউনিভাৰ্চিটি-ত স্পোৰ্ট মেনেজমেন্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা পিজাই বিশ্ববিদ্যালয়ত অধ্যয়নকালত তেওঁ প্ৰতিষ্ঠা কৰে বেডমিণ্টন ক্লাব আৰু ইয়াৰ সভাপতি হিচাপে দায়িত্ব পালন কৰি বিভিন্ন পটভূমিৰ ছাত্ৰ-ছাত্ৰীক ক্ৰীড়াৰ জৰিয়তে একত্ৰিত কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে।

আমেৰিকালৈ যোৱাৰ পূৰ্বে পিজা ভৰালীয়ে গুৱাহাটীত ভাৰতীয় ডাক বিভাগত কৰ্মৰত আছিল। বৰ্তমান তেওঁ NASCAR Chicago-ৰ মাৰ্কেটিং ইভেন্ট ষ্টাফ হিচাপে কৰ্মৰত। ইয়াৰ উপৰিও Formula 1 Miami Grand Prix-ৰ Fan and Campus Operations বিভাগত কাম কৰাৰ লগতে আমেৰিকাৰ বিভিন্ন হাৰ্লে-ডেভিডচনৰ অনুষ্ঠানতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

শেহতীয়াকৈ পিজা ভৰালীক ফিফা বিশ্বকাপ ২০২৬-ৰ ফেন অপাৰেশ্বন এণ্ড গেষ্ট এক্সপিৰিয়েঞ্চ দলত অন্তৰ্ভুক্ত কৰা বাতৰিয়ে সকলোকে উৎসাহিত কৰিছে। বিশ্বৰ সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতাৰ সৈতে জড়িত হোৱাৰ এই সুযোগক তেওঁ জীৱনৰ এক সপোনপূৰণ বুলি অভিহিত কৰিছে।

“ডিব্ৰুগড়ৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আজি বিশ্ব ক্ৰীড়া মঞ্চত এক নতুন অধ্যায় ৰচনা কৰিছে। ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নৰ পৰা ফিফা বিশ্বকাপৰ আয়োজক টীমৰ সদস্য—পিজা ভৰালীৰ এই সাফল্য নিঃসন্দেহে অসমৰ যুৱ সমাজৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস।”

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande