চুঙাজানত নিৰ্মীয়মান পথৰ ধূলিৰ বাবে অতিষ্ঠ জনতা
গোলাঘাট, ১২ জুন (হি.স.)। বিআইপিএল নামৰ কোম্পানীটোৱে সৰুপথাৰৰ পৰা নাওঁঘাট চুঙাজানলৈ নিৰ্মাণ কৰি থকা পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ০৬/০৩/২০২৪ তাৰিখৰ পৰা। কিন্তু আজি পৰ্য্যন্ত ২নং চুঙাজানৰ পৰা নাওঁঘাটলৈ পথছোৱা নিৰ্মীয়মান অৱস্থাতে আছে। পথ নিৰ্মাণ আ
চুঙাজানত নিৰ্মীয়মান পথৰ ধূলিৰ বাবে অতিষ্ঠ জনতা


গোলাঘাট, ১২ জুন (হি.স.)। বিআইপিএল নামৰ কোম্পানীটোৱে সৰুপথাৰৰ পৰা নাওঁঘাট চুঙাজানলৈ নিৰ্মাণ কৰি থকা পথটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল ০৬/০৩/২০২৪ তাৰিখৰ পৰা। কিন্তু আজি পৰ্য্যন্ত ২নং চুঙাজানৰ পৰা নাওঁঘাটলৈ পথছোৱা নিৰ্মীয়মান অৱস্থাতে আছে। পথ নিৰ্মাণ আৰু সম্প্ৰসাৰণৰ কাম লেহেমীয়া গতিৰে চলি থকাৰ ফলত এতিয়া স্থানীয় ৰাইজৰ জীৱন নৰকপ্ৰায় হৈ পৰিছে।

উক্ত পথছোৱা নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পিছতে নিয়মীয়াকৈ পানী ছটিওৱা নোহোৱাৰ বাবে গাড়ী-মটৰ চলাচল কৰিলে অঞ্চলটোত ধূলিৰ ডাঠ কুঁৱলীৰ সৃষ্টি হয়। যাৰ পৰিপ্ৰেক্ষিতে ঘৰৰ দুৱাৰ-খিৰিকী খুলিব নোৱাৰা অৱস্থাৰ লগতে ছাত্ৰ-ছাত্ৰী,পথচাৰী আৰু ব্যৱসায়ীসকলে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে।স্থানীয় লোকৰ অভিযোগ অনুসৰি, পথ নিৰ্মাণকাৰী সংস্থাটোৱে নিয়ম অনুসৰি পানী ছটিওৱা বা ধূলি নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা কৰা নাই। ইয়াৰ ফলত শিশু আৰু বয়োজ্যেষ্ঠসকলৰ মাজত শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু চকুৰ সংক্ৰমণ বৃদ্ধি পাইছে। ইয়াৰ উপৰি ধূলিৰ বাবে ওচৰৰ দোকান-পোহাৰৰ সামগ্ৰী নষ্ট হোৱাৰ লগতে গুৰুতৰ দুৰ্ঘটনাৰো আশংকা বৃদ্ধি পাইছে। ক্ষুব্ধ ৰাইজে অনতিপলমে পথ নিৰ্মাণৰ কাম খৰতকীয়া কৰিবলৈ আৰু পথত নিয়মিতভাৱে পানী ছটিয়াবলৈ নিৰ্মাণকাৰী সংস্থাৰ ঠিকাদাৰক দাবী জনাইছে। অন্যথা অনাগত দিনত বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande